নাৰায়ণপুৰ,১৭ জুন- বিহপুৰীয়া বিধানসভা সভা সমষ্টিৰ পথালিপাহাৰ পঞ্চায়তৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী কেৰেকজুলি অঞ্চলত ৰাইজৰ আমন্ত্রণ মৰ্মে উপস্থিত হয় বিধায়ক ড°অমিয় কুমাৰ ভূঞা।
বিধায়ক গৰাকীয়ে অঞ্চলটো পৰিদৰ্শন কৰি সাম্প্রতিক পৰিস্থিতিৰ বুজ লয়।১৯৫১ চনতে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সীমাক লৈ অসম অৰুণাচলীলোকৰ মাজত হোৱা মতভেদৰ চৰকাৰে গভীৰ ভাবে সমাধান পথ প্ৰশস্তৰ কথা অৱগত কৰে ।বিধায়ক ভূঞাই স্থানীয় সীমান্ত ৰাইজে দিয়া অভাৱ অভিযোগ আৰু আবেদনৰ আধাৰত পৰিদৰ্শনৰ অন্তত ৰাইজৰ সৈতে মত বিনিময়ত কৰি সীমান্তৱৰ্তী অঞ্চলটোৰ উন্নয়ন সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ৰাইজৰ সৈতে আলোচনাত মিলিত হয়।