ইছলামিক ষ্টেট (IS) গোটৰ বাবে ধন সংগ্ৰহৰ কামত জড়িত সন্ত্ৰাসবাদী নেটৱৰ্ক ভাঙি পেলোৱাৰ লগতে ৯ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰিছে অষ্ট্ৰিয়াৰ স্বৰাজ মন্ত্ৰালয়ে।
ছিনহুয়া সংবাদ সংস্থাৰ মতে, অষ্ট্ৰিয়াৰ নিৰাপত্তা বাহিনীয়ে পাঁচখন ফেডাৰেল ৰাজ্যৰ ঘৰত তালাচী চলাই মোবাইল ফোন, লেপটপ, ডাটা ষ্ট’ৰেজ ডিভাইচ, বৃহৎ পৰিমাণৰ নগদ ধন আৰু এখন বাহন জব্দ কৰে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
২৩ৰ পৰা ৩৬ বছৰৰ ভিতৰৰ ৯ জন সন্দেহযুক্ত লোকৰ আটাইকেইজন চেচেন বংশৰ।
শনিবাৰে মন্ত্ৰালয়ে উল্লেখ কৰে যে এই সন্দেহযুক্ত লোকসকলে দীৰ্ঘদিনীয়া আই এছৰ সমৰ্থকসকলে জাৰ্মানী আৰু ইউৰোপৰ অন্যান্য দেশৰ আই এছৰ সমৰ্থকসকলৰ সৈতে একেলগে কাম কৰিছিল।
বিভিন্ন ডিজিটেল প্লেটফৰ্ম, ৱেবছাইট, সাংবাদিক, আৰু সংস্থাৰ পৰা বাতৰি সংগ্ৰহ ।