মঙলবাৰে জাৰ্মান বিলাসী গাড়ী নিৰ্মাতা কোম্পানী অডিয়ে ভাৰতত মুকলি কৰে নতুন Q7 মডেল, যাৰ মূল্য ৯৭,৮৪,০০০ টকা (ex-showroom)।
অডি Q৭ চাৰিটা বাহিৰৰ ৰঙত উপলব্ধ – গ্লেচিয়াৰ হোৱাইট(Glacier White), মাইথছ ব্লেক(Mythos Black),নাভাৰা ব্লু(Navarra Blue), আৰু চামুৰাই গ্ৰে(Samurai Grey) – মাত্ৰ সীমিত সংখ্যক ইউনিটৰ সৈতে।
এক বিবৃতিত অডি ইণ্ডিয়াৰ মুৰব্বী বলবীৰ সিং ধিলনে কয় যে তেওঁলোকে এই বল্ড এডিচন(Bold Edition) মুকলিৰ জৰিয়তে গ্ৰাহকক অধিক একচেটিয়া বিকল্প প্ৰদান কৰিছে, যত বিশেষ ষ্টাইলিং উপাদান আছে যিয়েইয়াৰ পথত উপস্থিতি বৃদ্ধি কৰে।
তেওঁ কয় যে অডি কিউ৭(Audi Q7) বিশেষ সংস্কৰণটো এনে ব্যক্তিৰ বাবে ডিজাইন কৰা হৈছে যিসকলে সাহসী বক্তব্য দিব বিচাৰে আৰু আৰাম, বিলাসীতা, আৰু অত্যাধুনিক প্ৰযুক্তিৰ আদৰ্শ সংমিশ্ৰণ অনুভৱ কৰিব বিচাৰে।
বল্ড সংস্কৰণত আছে গ্লছি কলা গ্ৰীল, সন্মুখ আৰু পিছফালে কলা অডি ৰিং, কলা উইণ্ড’ চাৰউণ্ড, কলা অ.আৰ.ভি.এম(ORVMs), আৰু কলা ছাদৰ ৰেল(black roof rails )।
নতুন গাড়ীখনত ৩.০ লিটাৰৰ ভি৬(V6) ইঞ্জিন আৰু ৪৮ভি মাইল্ড-হাইব্ৰিড চিষ্টেম আছে, যিয়ে ৩৪০ এচপি আৰু ৫০০ এনএম টৰ্ক উৎপন্ন কৰে(340 hp (horsepower) and 500 Nm (Newton metre) ।
এই বাহনখনে ঘণ্টাত ২৫০ কিলোমিটাৰ গতিবেগ লাভ কৰিব পাৰে আৰু মাত্ৰ ৫.৬ ছেকেণ্ডত ০ৰ পৰা ১০০ কিলোমিটাৰলৈ (0-100 km/hr )যাব পাৰে। ই অটো, কম্ফৰ্ট, ডাইনামিক, ইফিচিয়েন্সি, অফ-ৰোড, অল-ৰোড, আৰু ইণ্ডিভিজুৱেলকে ধৰি সাতটা ভিন্ন ড্ৰাইভ মোড প্ৰদান কৰে(Auto, Comfort, Dynamic, Efficiency, Off-Road, All-Road and Individual )।
বিভিন্ন ডিজিটেল প্লেটফৰ্ম, ৱেবছাইট, সাংবাদিক, আৰু সংস্থাৰ পৰা বাতৰি সংগ্ৰহ ।