ৰাষ্ট্ৰসংঘৰ সাহায্য সংস্থাৰ মতে, পূব আফ্ৰিকাৰ প্ৰায় ১৬ লাখ ব্যক্তি প্ৰচণ্ড বৰষুণ আৰু ক্ষন্তেকীয়া বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।
ছিনহুয়া সংবাদ সংস্থাৰ মতে, ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয়ৰ কাৰ্যালয়ে বুধবাৰে প্ৰকাশ কৰা অনুসৰি ১৭ মে’লৈকে বুৰুণ্ডি, ইথিওপিয়া, কেনিয়া, ছোমালিয়া, উগাণ্ডা, তাঞ্জানিয়াত ৪৭৩ জন ব্যক্তিৰ মৃত্যু হৈছে আৰু প্ৰায় ৪ লাখ ১০ হাজাৰ ৩৫০ লোক স্থানচ্যুত হৈছে ।
অ’চিএইচএৰ(OCHA) মতে, অঞ্চলটোৰ মানৱীয় সংস্থাসমূহে এতিয়াও চৰকাৰসমূহক অনুসন্ধান আৰু উদ্ধাৰ প্ৰচেষ্টাত সহায় কৰি আছে, প্ৰয়োজনীয়তাসমূহৰ মূল্যায়ন কৰি আছে, আগতীয়াকৈ যোগানৰ স্থান নিৰ্ধাৰণ কৰি আছে, আৰু জৰুৰীকালীন সাহায্য আগবঢ়াই আছে।
কেনিয়াৰ ৰাজধানী নাইৰোবিত প্ৰকাশ পোৱা বানপানীৰ আপডেটত কোৱা হৈছে যে প্ৰচণ্ড বৰষুণ আৰু বানপানীৰ প্ৰতি সঁহাৰি উন্নত কৰিবলৈ অধিক ধনৰ প্ৰয়োজন।
বিভিন্ন ডিজিটেল প্লেটফৰ্ম, ৱেবছাইট, সাংবাদিক, আৰু সংস্থাৰ পৰা বাতৰি সংগ্ৰহ ।