১৫ ডিচেম্বৰত কলকাতাৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফ্লেগ্-অফ কৰা কলকাতা-পাণ্ডু সংযোগী জাহাজ সেৱাই সফলতাৰে পাণ্ডু বন্দৰত প্ৰৱেশ কৰে
- এই জলবাহক আঁচনিয়ে ৯৫.৪ কোটি টকা ব্যয়সাপেক্ষে জলপথলৈ প্ৰায় ৮০০ নিযুত টন কিল’মিটাৰ মাল স্থানান্তৰক উৎসাহিত কৰিব, যি হৈছে ৰাষ্ট্ৰীয় জলপথত বৰ্তমানৰ ৪,৭০০ নিযুত টন কিল’মিটাৰ কাৰ্গ’ৰ প্ৰায় ১৭%
- ৰাষ্ট্ৰীয় জলপথত দীৰ্ঘ দূৰত্বৰ কাৰ্গ’ পৰিবহণৰ বাবে ৩৫% ইনচেণ্টিভ প্ৰদানৰ ব্যৱস্থা
“মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আভ্যন্তৰীণ জলপথেৰে দক্ষ, ব্যয়সাপেক্ষ আৰু বহনক্ষম পৰিবহণৰ বাবে নতুন শক্তিৰ সঞ্চাৰ কৰা হৈছে”: সোণোৱাল
গুৱাহাটী, ৬ জানুৱাৰী, ২০২৪: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা ১৫ ডিচেম্বৰত কলকতাৰ পৰা মুকলি কৰা ‘জলবাহক আঁচনি’ৰ অধীনত ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ)ৰ যোগেদি প্ৰথম নিৰ্ধাৰিত জাহাজ সেৱাই আজি গুৱাহাটীৰ পাণ্ডু বন্দৰত প্ৰৱেশ কৰে। যোৱা ১৫ ডিচেম্বৰত কলকাতাত এই আঁচনিৰ শুভাৰম্ভ কৰি কলকাতাৰপৰা ভাৰত-বাংলাদেশ প্ৰট’কল জলপথ হৈ অসম অভিমুখী জাহাজ যাত্ৰাৰ ফ্লেগ্-অফ কৰিছিল সৰ্বানন্দ সোণোৱালে।
জলপথেৰে মালবাহী জাহাজৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে এক গুৰুত্বপূৰ্ণ আঁচনি ‘জলবাহক’এ ৰাষ্ট্ৰীয় জলপথ ১ (গংগা) আৰু ৰাষ্ট্ৰীয় জলপথ ২ (ব্ৰহ্মপুত্ৰ) আৰু ৰাষ্ট্ৰীয় জলপথ ১৬ (বৰাক)ৰ জৰিয়তে দীঘলীয়া যাত্ৰাৰ সামগ্ৰীৰ চলাচলত উদগনি দিব।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আভ্যন্তৰীণ জলপথেৰে দক্ষ, ব্যয়সাপেক্ষ আৰু বহনক্ষম পৰিবহণৰ বাবে নতুন শক্তিৰ সঞ্চাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় জলপথ-১ (গংগা), ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ) আৰু ৰাষ্ট্ৰীয় জলপথ-১৬ (বৰাক)ৰ আভ্যন্তৰীণ জলপথৰ শক্তি-সম্ভাৱনাক উজ্জীৱিত কৰি ‘জলবাহক’ শীৰ্ষক কাৰ্গ’ প্ৰচাৰ আঁচনি আৰু নিৰ্ধাৰিত সেৱাৰ ইতিমধ্যে শুভাৰম্ভ কৰি নথৈ আনন্দিত হৈছোঁ। পাটনা হৈ কলকাতা আৰু বাৰাণসীৰ মাজৰ ৰাষ্ট্ৰীয় জলপথ-১ (গংগা)ৰ অংশত আৰু ভাৰত-বাংলাদেশ প্ৰট’কল জলপথ হৈ ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ)ৰ যোগেদি কলকাতা আৰু গুৱাহাটীৰ পাণ্ডুৰ মাজত এই অভিলাষী সেৱা আৰম্ভ হৈছে, যাৰ ফলত বিভিন্ন সা-সামগ্ৰী জলপথেৰে প্ৰেৰণ কৰা হৈছে। এই আঁচনিখনে অহা তিনি বছৰৰ ভিতৰত জলপথলৈ প্ৰায় ৮০০ নিযুত টন কিল’মিটাৰ মাল স্থানান্তৰক উৎসাহিত কৰিব, যি হৈছে ৰাষ্ট্ৰীয় জলপথত বৰ্তমানৰ ৪,৭০০ নিযুত টন কিল’মিটাৰ কাৰ্গ’ৰ প্ৰায় ১৭%। উক্ত সেৱাৰ অধীনত ৰাষ্ট্ৰীয় জলপথত দীৰ্ঘ দূৰত্বৰ কাৰ্গ’ পৰিবহণৰ বাবে ৩৫% ইনচেণ্টিভ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আভ্যন্তৰীণ জলপথৰদ্বাৰা দেশৰ অৰ্থনীতি, বাণিজ্য আৰু সংযোগক ত্বৰান্বিত কৰাৰ দিশত এয়া এক মাইলৰ খুঁটি।”
প্ৰথমখন জাহাজ – দুখন ডাম্ব বাৰ্জ অজয় আৰু দিখুৰ সৈতে এমভি ত্ৰিশূলে কলকাতাৰ জিআৰ জেটিৰ পৰা ভাৰত-বাংলাদেশ প্ৰট’কল ৰুট (আইবিপিআৰ) হৈ গুৱাহাটীৰ পাণ্ডুলৈ ১৫০০ টন চিমেণ্ট কঢ়িয়াই আনিছে।
এই কাৰ্গ’ প্ৰচাৰ আঁচনিয়ে কাৰ্গ’ মালিকসকলক ৩০০ কিল’মিটাৰতকৈ অধিক দূৰত্বৰ বাবে আভ্যন্তৰীণ জলপথৰ জৰিয়তে তেওঁলোকৰ সামগ্ৰী পৰিবহণ কৰিবলৈ পোনপটীয়াকৈ প্ৰেৰণা যোগাব।
সৰ্বানন্দ সোণোৱালে লগতে কয় যে পুনৰুজ্জীৱিত ৰাষ্ট্ৰীয় জলপথসমূহে ইয়াৰ প্ৰদৰ্শন যথেষ্ট বৃদ্ধি কৰিছে, ইয়াৰ দ্বাৰা পৰিবহণ কৰা কাৰ্গ’ৰ মুঠ পৰিমাণ ২০১৩-১৪ বৰ্ষত ১৮.০৭ নিযুত মেট্ৰিক টনৰ পৰা ২০২৩-২৪ বৰ্ষত ১৩২.৮৯ নিযুত মেট্ৰিক টনলৈ বৃদ্ধি পাইছে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “নদীক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছে আমাৰ সভ্যতা-সংস্কৃতি। নদী কাষৰীয়া জাতি হিচাপে জলপথ সদায়েই আমাৰ জীৱনৰেখা হৈ আহিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আমাৰ সভ্যতাৰ এই গুৰুত্বপূৰ্ণ দিশটো অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধিৰ বাবে বহনক্ষম সমাধান বিচাৰি উলিওৱাৰ প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ মহাবাহু ব্ৰহ্মপুত্ৰই অসমৰ জনসাধাৰণৰ বাবে প্ৰবল সুযোগ-সম্ভাৱনা কঢ়িয়াই আনিছে। যাত্ৰীবাহী জাহাজ আৰু মালবাহী জাহাজৰ মসৃণ যাত্ৰাৰ বাবে নিম্নতম উপলব্ধ গভীৰতা (এলএডি) বজাই ৰখাৰ বাবে নিয়মীয়াকৈ ড্ৰেজিঙৰ দৰে কাৰ্যকলাপ গ্ৰহণ কৰা হৈছে। আমি নদীৰ কাষৰীয়া আন্তঃগাঁথনিৰ বিকাশৰ ব্যৱস্থা ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰি যাম।”
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, “বিগত ১০ বছৰত ভাৰতৰ আভ্যন্তৰীণ জলপথ খণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা হৈছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলো ইয়াৰ জৰিয়তে যথেষ্ট উপকৃত হৈছে। ২০১৪ চনৰ পূৰ্বে ভাৰতৰ জলপথৰ সংখ্যা আছিল মাত্ৰ ৫টা, তাৰ বিপৰীতে এতিয়া ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ১১১টালৈ বৃদ্ধি পালে। বিগত ১০ বছৰত ৬,০০০ কোটি টকা জলপথ খণ্ডত বিনিয়োগ হৈছে। ২০১৪ চনৰ পূৰ্বে কাৰ্গ’ পৰিচালনা ক্ষমতা সীমাবদ্ধ আছিল মাত্ৰ ১৮.১%ত, এতিয়া তাৰ পৰিমাণ ১৩৩ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি পালে। আভ্যন্তৰীণ জলপথে বিকশিত ভাৰতৰ যাত্ৰাক আগুৱাই লৈ গৈছে। ইয়াৰ যোগেদি দক্ষ, ব্যয়সাপেক্ষ আৰু বহনক্ষম পৰিবহণৰ বাবে শক্তিৰ সঞ্চাৰ হৈছে। ভাৰতত আভ্যন্তৰীণ জলপথৰ পুনৰুজ্জীৱিতকৰণ অৰ্থনৈতিক উন্নয়নৰ দিশত এক নতুন পদক্ষেপ, কাৰণ ইয়াৰ দ্বাৰা পথসমূহত যাতায়াতৰ চাপ হ্ৰাস পাব আৰু ৰচদ-পাতিৰ খৰচ কমাব পৰা যাব।”