Sunday, November 24, 2024

সদৌ অসম কোচ ৰাজবংশী সৌজন্যত নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনৰ সহযোগত কৰ্মশালাৰ আয়োজন।

Share

নগাঁও জিলাৰ কাছমাৰী আঞ্চলিক সন্মিলনৰ উদ্যোগত কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য- গীতৰ কৰ্মশালাৰ আয়োজন কৰা হয়। ৭ জুলাইৰ পৰা ১৩ জুলাইলৈ আয়োজন কৰা কৰ্মশালাটোত প্ৰায় ১২০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্রহণ কৰে। লগতে কোচ ৰাজবংশীয় গীত, বাঁহী , ঢোলৰ প্ৰশিক্ষণ দিয়াৰ প্ৰয়াস কৰিছে নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনে।

গ্ৰীষ্মকালীন সময়চোৱাত কোচ ৰাজবংশী সন্মিলনে আয়োজন কৰ্মশালাটো এইবাৰেই প্ৰথম কৰ্মশালা। ২০১৯ চনতেই কোচ ৰাজবংশী সন্মিলনে আয়োজন কৰা কৰ্মশালাটো ক’ভিড সময়চোৱাত সফলভাৱে পূৰ্ণাংগতা লাভ কৰা নাছিলে যদিও এইবেলি ভালকৈ কোচ ৰাজবংশী গীত – মাত, নৃত্য, বাঁহী আৰু ঢোলৰ কৰ্মশালাৰ আয়োজন কৰে।

তেওঁলোক ভালদৰে আশাবাদী যে তেওঁলোকৰ কোচ ৰাজবংশী গীতসমূহ লোকে গোৱালপৰীয়া গীত বুলিহে ইমানদিনে ভাবি আহিছিল। কিন্তু সেয়া গোৱালপৰীয়া লোকগীত নহয় আচলতে তেওঁলোকৰ কোচ ৰাজবংশীৰ নিজা লোকগীত তথা বিশ্ব দৰ্বাৰত চিনাকি কৰাৰ চেষ্টা অব্যাহত নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনৰ।

Read more

Local News