সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আফচৰ আলীৰ হত্যাৰ মূল অভিযোক্ত ছৈয়দ আলীক গ্ৰেপ্তাৰ।
নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছৈয়দ আলীৰ লগতে আন এজনকো।
কিছুদিন পূৰ্বে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত দুবৰামাৰী চৰৰ আঞ্চলিক সমিতিৰ সভাপতি আফচৰ আলীক নিশা দূৰ্বৃত্তই হানি-খুচি হত্যা কৰিছিল।
ঘটনা সংক্ৰান্তত শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামাৰা আৰক্ষীৰ লোকে মাখিৰ উৱাদিহ লৈ চৈয়দ আলীৰ গৃহৰ গছৰ জোপোহাৰ পৰা তেজ লগা অস্ত্ৰও উদ্ধাৰ কৰিবলৈও সক্ষম হৈছিল।
ইমান দিনে পলাতক হৈ থকা হত্যাৰ মূল অভিযোক্ত ছৈয়দ আলী আজি কাৰ্বি আংলং জিলাৰ ভকচঙৰ পৰা নগাঁৱলৈ আহি থকাৰ গোপন খবৰ শোণিতপুৰ জিলাৰ আৰক্ষীয়ে লাভ কৰি নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত নগাঁৱৰ পৰা মূল অভিযোক্ত ছৈয়দ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
সম্প্ৰতি অধিক তথ্যৰ বাবে শোণিতপুৰ জিলাৰ আৰক্ষীয়ে চৈয়দ আলীৰ লগতে আন এজনকো আটক কৰি নগাঁৱৰ পৰা শোণিতপুৰলৈ ৰাওনা হৈছে।
এই সংক্ৰান্তত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ সভাপতি মুছাব্বিৰ আলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে দোষী ক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ।