Friday, November 22, 2024

বিধ্বস্ত পথৰ বাবে জীয়াতু ভুগিছে ৰাইজে ,জুৰীয়াত জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত ৰাইজৰ তীব্ৰ প্ৰতিবাদ

Share

কিমান আৰু পথ মেৰামতিৰ বাবে জন প্ৰতিনিধিক আহ্বান জনাব । ৰাইজৰ সমস্যাৰ প্ৰতি ভ্ৰূক্ষেপ নাই চৰকাৰ তথা জন প্ৰতিনিধিৰ । সেয়েহে, পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজে । জুৰীয়াৰ মাহগুৰী পঞ্চায়তৰ মাহগুৰী আৰু দীঘলীয়াআটি জনজাতিৰ গাঁৱৰ সংযোগী অতি গুৰুত্বপূৰ্ণ পথটোৰ বিধ্বস্ত অৱস্থাই হাৰাশাস্তি ভোগাইছে স্থানীয় ৰাইজক । যাতায়াতৰ নামত ৰাইজে যমৰ যাতনা ভূগিবলগীয়া হৈছে ।

উল্লেখ্য যে, নিৰ্বাচনৰ পূৰ্বে জন প্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি ঠিকেই দিয়ে । কিন্তু এই পৰ্যন্ত পথটোৰ নিৰ্মাণৰ বাবে জন প্ৰতিনিধিয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । চৰকাৰ তথা জন প্ৰতিনিধিৰ অৱহেলাত বছৰ বছৰ ধৰি মেৰামতি নোহোৱাকৈ পৰি ৰৈছে অঞ্চলটোৰ এই গুৰুত্বপূৰ্ণ এই পথছোৱা ।ফলত ছাত্র-ছাত্ৰীসকলৰ লগতে বৃদ্ধ আৰু মহিলা সকলো এই পথটোৰেই অহা-যোৱা কৰিবলগীয়া হৈছে ।

বৰষুণৰ বতৰত চাৰিচকীয়া বাহন পথটোৰে পাৰ হোৱাটো কষ্টকৰ হৈ পৰে । কিন্তু ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব নাই ৰজাঘৰীয়াৰ । বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো পথটো মেৰামতি নকৰাত ক্ষুদ্ধ হৈ আজি ৰাইজে ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া হৈছে । লগতে ৰাইজৰ সমস্যাক গুৰুত্ব দি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ দাবী জনাইছে ।

Read more

Local News