Monday, November 25, 2024

বিজেপি নেতৃত্বাধীন অসম চৰকাৰে হাজাৰ হাজাৰ কৌটি টকাৰ ঋণ লৈ বিভিন্ন আঁচনিৰ জৰিয়তে হিতাধিকাৰি সৃষ্টি কৰি গৈছে

Share

বিজেপি নেতৃত্বাধীন অসম চৰকাৰে হাজাৰ হাজাৰ কৌটি টকাৰ ঋণ লৈ বিভিন্ন আঁচনিৰ জৰিয়তে হিতাধিকাৰি সৃষ্টি কৰি গৈছে যদিও বিভাগীয় কাৰ্যালয় মেৰামতি কৰিবলৈকে ধনৰ অভাৱত পৰিছে।
এই দৃশ্য জুৰীয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ, এজাক বৰষুণৰ ফলতেই এনেদৰে কাৰ্যালয় কক্ষত পানীৰে উপচি পৰা দেখা গৈছে।
বৰষুণৰ পানী পৰি কাৰ্যালয় কক্ষত থকা কম্পিউটাৰ আদি নষ্ট হোৱাৰ উপক্ৰম হৈছে।
চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ কোটি টকা এই কাৰ্যালয়ৰ জৰিয়তে বিভিন্ন আঁচনিৰ জৰিয়তে খৰচ কৰা হৈছে যদিও বেজৰ নাকতে খৰে খোৱাৰ দৰে জুৰীয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়টোৱেই মেৰামতিৰ অভাৱত এজাক বৰষুণৰ পানীতেই উপচি পৰা দেখা গৈছে।

Read more

Local News