ধলপুৰ,৯ মে’ঃ- লখিমপুৰ জিলাৰ ধলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বকুলগুৰিৰ আই লম্ভা এজন যুৱকক কালি ধলপুৰ আৰক্ষীয়ে লখিমপুৰ জেইল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ আই স্থিতি হোৱা বুলি বিশ্বাস কৰা বকুলগুৰিত আজি লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ উপস্থিতিত এক সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷
আজি এই সজাগতা সভাখনত লখিমপুৰ জিলাৰ সহকাৰী আয়ুক্ত জ্যোতিকনা চেতিয়া,মনোৰোগ বিশেষজ্ঞ ববিতা বৰগোহাঞি বৰুৱা,সমাজকল্যাণ বিভাগৰ সমন্বয়ক প্ৰাংগণা বৰা,ধলপুৰ একাডেমি হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰমোদ বনিয়া,নৱজ্যোতি ৰয়,বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া,ধলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ,সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়-ববীয়া,টিএম পি কে বিষয় ববীয়া আদি উপস্থিত থাকি বকুলগুৰি গাৱঁত স্থানীয় ৰাইজক নিমন্ত্ৰণ কৰি আনি সজাগতা সভাখন অনুষ্ঠিত কৰে ৷
উল্লেখযোগ্য যে বকুলগুৰি গাৱঁৰ কেইবাগৰাকী লোকৰ দেহত আই স্থিতি হোৱা বুলি বিশ্বাস কৰি বিভিন্ন পূজা অৰ্চনা কৰি কিছু দিনৰ পৰা এক অৰাজক পৰিস্থিতি বিৰাজ হৈ আছিল ৷ ইয়াৰ উপৰিও আই লম্ভা লোকৰ নিৰ্দেশনা নমনা বাবে খেদি খেদি মাটিত বগৰাই পেলাই লৈ কামুৰি গুৰুত্ব জখম কৰা দৰে কাণ্ড সংঘটিত কৰিছিল ৷ এনে কাণ্ডৰ প্ৰতি আতংকিত হৈ একাংশ লোক আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰাৰ লগতে ধলপুৰ আৰক্ষী চকীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷
ধলপুৰ আৰক্ষীয়ে আই লম্ভা লোকক ধৰি আনি ইয়াৰে পলাশ দাস নামৰ এজনক কালি জেইল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ এজনৰ আই লম্ভাৰ পাছতে এলেকাটোত প্ৰায় ৭ গৰাকীৰ অস্বাভাৱিক আচৰণ কৰিবলৈ লোৱাত তেওঁলোকৰো আই স্থিতি হোৱা বুলি একাংশ লোকে বিশ্বাস কৰিবলৈ লয় ৷
Share
Read more