স্থানীয় বিষয়াসকলে জনোৱা মতে, বৃহস্পতিবাৰে ফ্ৰান্সৰ বিখ্যাত ৰ’ৱেন কেথেড্ৰেলৰ শিখৰত জুইৰ লেলিহান শিখাই আগুৰি ধৰে।
ৰ’ৱেনৰ মেয়ৰ নিকোলাছ মেয়াৰ-ৰ’জিনে এক্সত পোষ্ট কৰিছিল যে ফ্ৰান্সৰ আটাইতকৈ ওখ গীৰ্জা গথিক নট্ৰে-ডেম ডি ৰ’ৱেনৰ ১৫০ মিটাৰ দৈৰ্ঘ্যৰ শিখৰত জুইৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। তেওঁ লগতে উল্লেখ কৰে যে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ বাবে কাম কৰি আছে।
বিষয়াসকলে জনোৱা মতে, একাদশ শতিকাৰ কেথেড্ৰেলখন খালী কৰি ইয়াৰ চাৰিওফালে নিৰাপত্তাৰক্ষীৰ ঘেৰাও স্থাপন কৰা হৈছে।
ফ্ৰান্সৰ সংবাদ মাধ্যমৰ মতে, ২০১৫ চনৰ পৰা পুনৰুদ্ধাৰ চলি থকা কেথেড্ৰেলখনৰ ওপৰৰ অংশৰ ওচৰৰ ছ’চিয়েল মিডিয়াৰ ছবিত জুইৰ শিখা দেখা গৈছে।বৰ্তমান এই গঠনটোৰ ক্ষতিৰ পৰিসৰ অনিশ্চিত।
বিখ্যাত ফৰাচী ইম্প্ৰেছনিষ্ট চিত্ৰশিল্পী ক্লড মনেটৰ বাবে এই কেথেড্ৰেলখন আছিল এক প্ৰিয় ল্যাণ্ডমাৰ্ক, যিয়ে ইয়াৰ একাধিক চিত্ৰ নিৰ্মাণ কৰিছিল।
বিভিন্ন ডিজিটেল প্লেটফৰ্ম, ৱেবছাইট, সাংবাদিক, আৰু সংস্থাৰ পৰা বাতৰি সংগ্ৰহ ।