শুকুৰবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয় যে তেওঁৰ বৰ্তমান খাৰ্কিভ চহৰ দখল কৰাৰ কোনো উদ্দেশ্য নাই। কিন্তু ৰাছিয়াৰ বাহিনীয়ে খাৰকিভৰ পৰা অহা সম্ভাৱ্য আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বেলগ’ৰড অঞ্চলত বাফাৰ জ’ন স্থাপন কৰিছে।
চীন ভ্ৰমণৰ সামৰণিত তেওঁ হাৰবিন চহৰত ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি আছিল।
বৃহস্পতিবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে তীব্ৰ আক্ৰমণৰ বলি হোৱা খাৰ্কিভ অঞ্চল পৰিদৰ্শন কৰি তাত পৰিস্থিতি সুস্থিৰ হোৱা বুলি উল্লেখ কৰে। শেহতীয়াকৈ এই অঞ্চলত ৰাছিয়াৰ তীব্ৰ আগ্ৰাসনৰ সৃষ্টি হৈছে।
পুটিনে কয় যে খাৰকিভৰ পৰা চুবুৰীয়া বেলগ’ৰড অঞ্চলত ড্ৰ’ন আৰু মিছাইলৰ ব্যাপক বোমাবৰ্ষণৰ বাবে খাৰ্কিভক আগুৰি থকা বাফাৰ জ’নটো প্ৰয়োজনীয়।
বৰ্তমান ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ উপ-মূৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি দিমিত্ৰী মেডভেডেভে জেলেনস্কিৰ খাৰ্কিভ ভ্ৰমণক বিদায় ভ্ৰমণ বুলি উল্লেখ কৰে।
ৰাছিয়াৰ নেতাসকলে খাৰকিভক ৰাছিয়াৰ চহৰ বুলি অহৰহ উল্লেখ কৰি আহিছে, যাৰ বাবে বহু বিশেষজ্ঞই অনুমান কৰিছে যে ক্ৰেমলিনে এই অঞ্চলটোক নিজৰ অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্য ৰাখিব পাৰে। শেহতীয়াকৈ পুটিনে সাময়িকভাৱে হ’লেও অস্বীকাৰ কৰাটো তেওঁ প্ৰথমবাৰৰ বাবে কয় যে তাৎক্ষণিক কোনো পৰিকল্পনা নাই।
বিভিন্ন ডিজিটেল প্লেটফৰ্ম, ৱেবছাইট, সাংবাদিক, আৰু সংস্থাৰ পৰা বাতৰি সংগ্ৰহ ।
Share
Read more