বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে নগাঁও জিলাৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ৰক্ত বেংকে এলানি ৰক্তদান শিবিৰ আৰু সজাগতা সভাৰ আয়োজন কৰি এক ইতিবাচক পদক্ষেপ গ্ৰহন কৰিছে ৷ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ নগাঁৱৰ ৰক্ত ভাণ্ডাৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডা° চন্দন শৰ্মাই জনোৱামতে ১২ জুনত ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎলায়ত বিশ্ব ৰক্তদাতা দিৱসৰ আয়োজন কৰা হয় ৷
সফলতাৰে সম্পন্ন হোৱা উক্ত শিবিৰত জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডা° ফণী পাঠক , নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডা° মিহিৰ গোস্বামী , ভোগেশ্বৰী ফুুুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা° ভূপেন বৰা, জ্যেষ্ঠ বিশেষজ্ঞ চিকিৎসক ডা° দিলিপ শৰ্মা, নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড° ভূৱন চেতিয়াকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ লগতে ৰেড ক্ৰছ চ’চাইটি, মৰোৱাৰী যুৱ মঞ্চ আদি স্বেচ্ছাসেৱী অনুষ্ঠানে অংশগ্ৰহন কৰে ৷ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়,নগাঁৱৰ ৰক্ত ভাণ্ডাৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডা° চন্দন শৰ্মাই আঁতধৰা এক গ্ৰাম্ভীৰ্যপূণ অনুষ্ঠানত জিলাখনৰ ২০২৩-২৪ বৰ্ষৰ শ্ৰেষ্ঠ ৰক্তদান শিবিৰৰ আয়োজন কৰা দল সমূূূহক সন্মানিত কৰাৰ লগতে আন সকলো এনে অনুষ্ঠানক মানপত্ৰ প্ৰদান কৰা হয় ৷
আনহাতে ভোগেশ্বৰী ফুননী অসামৰিক চিকিৎসালয়ৰ ৰক্তভাণ্ডাৰৰ উদ্যোগত ১৩ আৰু ১৪ জুনত ডালমিয়া চিমেন্টৰ সহযোগত ওমৰাংচুত ৰক্তদান শিবিৰ আৰু সজাগতা সভাত অনুষ্ঠিত হয় ৷ উক্ত শিবিৰত ১০০ৰো অধিক লোকে ৰক্তদান কৰাটো এক উল্লেখনীয় দিশ বুলি ডা° চন্দন শৰ্মাই প্ৰকাশ কৰে ৷
নগাঁও পৰা প্ৰাঞ্জল নাথ