Friday, November 22, 2024

নগাঁও লোক সভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আবু শ্বামাৰ ভাইৰেল হোৱা অশ্লীল ভি,ডি অক লৈ তোলপাৰ লাগিছে।

Share

নগাঁও লোক সভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আবু শ্বামাৰ ভাইৰেল হোৱা অশ্লীল ভি,ডি অক লৈ তোলপাৰ লাগিছে সৰ্বত্ৰতে। আবু শ্বামাৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল এগৰাকী মহিলাৰ। মহিলা গৰাকীৰ লগত অশ্লীল বিডিঅ বনাই ভয় ভাবুকিৰে ব্লেইকমেইল কৰি সংগ্ৰহ কৰিছিল প্ৰায পাচ লক্ষাধিক টকা। জুৰীয়া বজাৰত অবৈধ ফাৰ্মাচী খুলি আবু শ্বামাই কেইবাজনী মহিলাৰ লগত অশ্লীল বিডিঅ বনাই কৰি আহিছিল ব্লেইকমেইলিং।


বিডিঅ ভাইৰেল কৰি দিব বুলি ভয় ভাবুকিৰে মহিলা সকলৰ পৰা লৈছিল লাখে লাখে টকা। গাঁৱৰ সহজ সৰল মহিলাক ফাৰ্মাচী খনত চিকিৎসাৰ নামত বেজি দি অচেতন কৰি শাৰীৰিক সম্পৰ্ক কৰাৰো অভিযোগ।


ইতিমধ্যেই দুজনী মহিলাৰ অশ্লীল ভিডিঅ ৰাইজৰ হাতে হাতে। জানিব পৰা মতে আবু শ্বামা নামৰ জুৰীয়াৰ মাহেৰীপাৰৰ বাসিন্দা তথা নগাও লোকসভা সমষ্টিৰ নিৰ্দলীয প্ৰাৰ্থী গৰাকীয়ে এগৰাকী মহিলাৰ সৈতে অসংযত অৱস্থাত থকা এই ভি ডি অ সম্প্ৰতি মানুহৰ হাতে হাতে। নিৰ্বাচন আহিলেই এইগৰাকী পাবত গজা নেতাই নিৰ্বাচনৰ নামত pso লাভ কৰি বহু ওপৰৰ মাল বুলি জহাই ফুৰি সহজ সৰল সংখ্যালঘু মহিলাক নিজৰ আয়ত্বলৈ অনাৰ চেষ্টা চলাই।


বিগত বিধান সভা নিৰ্বাচনতো ৰূপহীহাট বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হৈ মুখ থেকেচা খোৱা এইগৰাকী পাষণ্ড নিশা নাৰী জনিত কাৰণত ৰাইজৰ খেদা খাই ভৰি ভগা পৰ্যন্ত ঘটনাও সংঘটিত হৈছিল।


জুৰীয়া বজাৰৰ মাজ মজিয়াত কোনো অনুজ্ঞাপত্ৰ নথকা এজন লম্পট তথা ভুৱা চিকিৎসকক এজন শিক্ষকে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যেই ৰাইজৰ হেচাত অবৈধ ফাৰ্মাচী খন ঘৰ মালিকে তলা লগাই দিছে যদিও ৰাইজে এনে লম্পট তথা ভুৱা চিকিৎসক জনৰ কঠোৰ শাস্তিৰ দাবী জনাইছে।

Read more

Local News