Thursday, November 21, 2024

ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে আজি ইং ৫ জুলাই ২০২৪ তাৰিখে, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, ভাঃপ্ৰঃসেঃ বানাক্ৰান্ত অঞ্চলটোত উপস্থিত হয় ।

Share

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কবলত পৰা জিলাখনৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে আজি ইং ৫ জুলাই ২০২৪ তাৰিখে, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, ভাঃপ্ৰঃসেঃ বানাক্ৰান্ত অঞ্চলটোত উপস্থিত হয় ।

আয়ুক্ত গৰাকীয়ে প্ৰথমে সোণসেৰী ৰূপজ্যোতি মোক্তাৱ বিদ্যালয়ত স্থাপিত আদৰ্শ সাহাৰ্য্য শিবিৰ (Model Relief Camp) টো পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ কালচোৱাত তেখেতে শিবিৰত আশ্ৰয় গ্ৰহণ কৰা বানপীড়িতসকল, কন কন শিশু সকলৰ বাবে স্থাপিত বিশেষ কক্ষৰ লগতে গৰ্ভৱতী মাতৃ সকলৰ সৈতে আশ্ৰয় শিবিৰত প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰা সাহাৰ্য্য সমূহৰ বুজ লয় আৰু পৰবৰ্তীকালত চিকিৎসা সেৱাত কৰ্তব্যৰত চিকিৎসক নাৰ্ছসকলৰ লগতো মত বিনিময় কৰে।

Read more

Local News