ৰাজ্যৰ প্রশাসনিক ব্যৱস্থাটোৰ লগত জনসাধাৰণৰ ব্যৱধান হ্ৰাস কৰিবলৈ বৰ্তমান ৰাজ্য চৰকাৰে অব্যাহত ৰখা নিৰন্তৰ প্রয়াসৰ অংশ হিচাপে ডিব্ৰুগড়ত নিৰ্মাণকাৰ্য চলি থকা মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ নিৰ্মাণস্থলীত কালি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উপস্থিত হৈ কামৰ অগ্ৰগতিৰ বুজ লয়।
উল্লেখ্য যে উজনি অসমৰ আটাইবোৰ জিলাৰ প্ৰশাসনিক কাম-কাজসমূহ সুচাৰুৰূপে সম্পাদনৰ বাবে এই সচিবালয় স্থাপন কৰা হ’ব ।
অহা ১৫ আগষ্টৰ ভিতৰত ইয়াৰ কাম- কাজসমূহ সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগীয় কৰ্তৃপক্ষক নির্দেশ দিয়ে।