যোৱা ২৫ এপ্ৰিলত প্ৰাঞ্জল নাথে তেওঁৰ দোকানত সন্ধিয়া পৰত সোমাই আৰু তেওঁ এটা Realme এন্ড্রয়েড মোবাইল ফোন পাবলৈ সক্ষম হয় আৰু তেওঁৰ সহৰ্ধমিনী সৰস্বতী বৰাক মোবাইলটো কাৰ বুলি সোধাত তাইৰ লগত বাগবিতণ্ডাত লিপ্ত হয়, তাকে বুলি তাই পিছদিনা ২৬ এপ্রিল তাৰিখে ভোটদিম বুলি ঘৰৰ পৰা ওলাই যায়। সেই যায় যে যায়েই আৰু ওভতি নাহিল পত্নী সৰস্বতী বৰা। লগে লগেই প্ৰাঞ্জল নাথে হয়বৰগাওঁ আৰক্ষী চকীত নিৰুদ্দেহ হোৱা বুলি এখনি জাননি দিয়ে । আৰু ২ দিন পিছত প্ৰাঞ্জল নাথৰ পত্নী তাইৰ মাকৰ ঘৰত আছে বুলি খবৰ পোৱাত আৰু এখনি জাননি দিয়ে হয়বৰগাওঁ আৰক্ষী চকীত। আৰু ইফালে পত্নী সৰস্বতী বৰাই প্ৰাঞ্জল নাথৰ আত্মীয়ই মাৰধৰ কৰি শাৰিৰীক নিৰ্যাতন কৰা বুলি অভিযোগ তুলিলে ।
ইয়াতেই সামকটা নাই প্ৰাঞ্জল নাথৰ অথন্তৰ। প্ৰায় ৭ বছৰ ধৰি মানসিক অত্যাচাৰ কৰি আছে বুলি প্ৰাঞ্জল নাথে আজি এক সংবাদমেল সম্বোধন কৰি সদৰি কৰিলে। আৰু পত্নী সৰস্বতী বৰা ঘৰৰ পৰা ওলাই যাওঁতে প্ৰাঞ্জল নাথৰ ঘৰৰ পৰা নগদ ৫০ হাজাৰ আৰু সোণৰ আ- অলংকাৰ লৈ যায় বুলিও অভিযোগ কৰে।
এতিয়া প্ৰশ্ন হয় কি হ’ব প্ৰাঞ্জল নাথৰ সুখৰ সংসাৰ? ওভতি আহিবনে পত্নী সৰস্বতী বৰা নে আইনৰ কাষ চাপিব প্ৰাঞ্জল নাথে।
সেয়া পৰবৰ্তী সময়তহে হ’ব লক্ষ্যণীয় বিষয়।