Friday, November 22, 2024

জুৰীয়াত পৰকীয়া প্ৰেমৰ আজৱ ঘটনা।

Share

জুৰীয়াত পৰকীয়া প্ৰেমৰ আজৱ ঘটনা; আকৌ এবাৰ চৰ্চাত বিধৱাৰ প্ৰেম ।


এইবাৰ সুতিৰপাৰত দুই সন্তানৰ পিতৃয়ে পলুৱাই নিলে এজনী বৃদ্ধ বয়সৰ বিধৱা মহিলাক। নগাঁৱৰ জুৰীয়া থানাৰ অন্তৰ্গত সুতিৰপাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটণা।
এগৰাকী ৫০ বছৰীয়া বিধৱা মহিলাক দুই সন্তানৰ পিতৃ ছিফদ আলীয়ে।এনেদৰে পলুৱাই নিয়া কাৰ্য্যৰ বীবে সুতিৰপাৰত চাঞ্চল্যৰ সৃষ্টি হৈছে।


ঘটনাটো সহজতে মানি লোৱা নাই ছিফদ আলিৰ প্ৰথমা পত্নী ললুৱাৰা বেগমে।প্ৰথমা পত্নীৰ অভিযোগ মতে কেইমাহমান আগৰ পৰাই সুতিৰপাৰ আৰক্ষী চকীত ৰান্ধনী কাম কৰা এগৰাকী বিধৱা মহিলাৰ লগত ছিফদ আলীৰ অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল যদিও বিয়া পতা নাছিল।


ইতিমধ্যেই ছিফদ আলীয়ে বিধৱা মহিলা গৰাকীক বিয়া পতাৰ খৱৰ লাভ কৰি প্ৰথমা পত্নী ললুৱাৰা বেগমে জুৰীয়া আৰক্ষী থানাত এটি এজাহাৰ দাখিল কৰিছে।যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু বিৱাহ বন্ধ কৰিব বুলি বাৰেপ্ৰতি কৈ আছে,সেই সময়ত জুৰীয়াৰ সুতিৰপাৰত ছিফদ আলীয়ে প্ৰথমা পত্নী জিৱীত থকা অৱস্থাত দ্বিতীয় বিয়া কৰাক লৈ সুতিৰপাৰ আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৱ।

Read more

Local News