নিউ চাউথ ৱেলছৰ ছিডনীৰ দক্ষিণ-পশ্চিম উপকণ্ঠ অঞ্চল মিডলটন গ্ৰেঞ্জত আৰক্ষীয়ে দাৰে সজ্জিত এজন ৩৪ বছৰীয়া যুৱকক গুলীয়াই হত্যা কৰে।
দেওবাৰে এন এছ ডব্লিউ আৰক্ষী বাহিনীয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি পুৱা প্ৰায় ১১ বজাত জৰুৰীকালীন সেৱাক সেই স্থানলৈ মাতি অনা হয়। ছিনহুয়া সংবাদ সংস্থাৰ মতে, এজন লোকে দাৰে সজ্জিত হোৱাৰ খবৰ পোৱাৰ পিছতে এই ফোন কৰা হৈছে।
আৰক্ষী বিষয়াসকল আহি পোৱাৰ লগে লগে লোকজনে তেওঁলোকৰ সৈতে মুখামুখি হৈ দাৰে ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। প্ৰাথমিক তথ্য অনুসৰি ৩৩ বছৰীয়া এজন পুৰুষ বিষয়াক ছুৰীৰে আঘাত কৰা হৈছে যদিও তেওঁৰ অপাৰেচনেল ভেষ্টে তেওঁক সুৰক্ষিত কৰি ৰাখিছে। বিবৃতিটোত স্পষ্ট কৰি দিয়া হৈছে যে আৰক্ষী বিষয়াজনৰ কোনো ধৰণৰ শাৰীৰিক আঘাত পোৱা নাই।
আৰক্ষীয়ে টেজাৰ ব্যৱহাৰ কৰিছিল যিটো অকাৰ্যকৰী আছিল, সেয়েহে তেওঁলোকে মানুহজনক গুলীয়াই হত্যা কৰাৰ আশ্ৰয় লয়।
এন এছ ডব্লিউ(NSW) এম্বুলেন্সৰ পেৰামেডিকেলৰ লোক আহি লোকজনৰ চিকিৎসাৰ দায়িত্ব লোৱালৈকে বিষয়াসকলে চি পি আৰ (CPR) কৰিছিল।
অৱশ্যে তেওঁক পুনৰুজ্জীৱিত কৰিব পৰা নাছিল।
বিভিন্ন ডিজিটেল প্লেটফৰ্ম, ৱেবছাইট, সাংবাদিক, আৰু সংস্থাৰ পৰা বাতৰি সংগ্ৰহ ।