Thursday, November 21, 2024

ঘৰুৱাভাৱে উৎপাদিত জিন ব্ৰেণ্ডৰ সন্মান অৰ্জন।

Share

শ্বিলং/গুৱাহাটী/ইটানগৰ: গ্লোবেল স্পিৰিটছ মাষ্টাৰ্ছ প্ৰতিযোগিতাত শীৰ্ষ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে মেঘালয়ত উৎপাদিত ভাৰতৰ স্বদেশী জিন চেৰাপুঞ্জী ইষ্টাৰ্ণ ক্ৰাফ্ট জিনে।

বৰষুণৰ পানীৰ পৰা প্ৰস্তুতকৃত, চেৰাপুঞ্জী ক্ৰাফ্ট জিনে বিশ্বৰ ৫৫ খন দেশৰ ১১০ টা ব্ৰেণ্ডক চেৰ পেলাই শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়। ২০২৪ চনৰ ২১ মে’ তাৰিখে ব্ৰিটেইনত অনুষ্ঠিত হোৱা লণ্ডন ৱাইন ফেয়াৰত ইয়াক প্ৰদৰ্শন কৰা হয়, য’ত উত্তৰ-পূব ভাৰতৰ এই অতুলনীয় সোৱাদে বিশ্বজনীন স্পিৰিট উদ্যোগক্ষেত্ৰৰ শীৰ্ষস্থান দখল কৰে।

কোম্পানীৰ মাষ্টাৰ ডিষ্টিলাৰ আৰু ডাচ্চ সহযোগিতাত প্ৰস্তুত কৰি উলিওৱা এই জিন হৈছে উত্তৰ-পূব ভাৰতৰ 12 বিধ স্থানীয় উদ্ভিদৰ সংমিশ্ৰণ। এক স্থানীয় স্বাদৰ সৈতে উপলব্ধ এই জিনে বিশ্বব্যাপী গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

অসমৰ কাজি নেমু, মেঘালয়ৰ খাচী মাণ্ডাৰিন, মণিপুৰৰ স্মোকড টি, ছিকিমৰ ইলাচী আৰু পূৱ হিমালয়ৰ জুনিপাৰ আদি উপাদানেৰে প্ৰস্তুত কৰি উলিওৱা চেৰাপুঞ্জী জিন হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ প্ৰকৃতিৰ মাজৰ পৰা বুটলি অনা এক ফচল।

বৰ্তমান মেঘালয়, অসম আৰু অৰুণাচলত উপলব্ধ এই ঘৰুৱাভাৱে উৎপাদিত জিন উত্তৰ ভাৰতত যিকোনো সময়তে মুকলি কৰিবলৈ সাজু হৈ আছে। কোম্পানীটোৱে এতিয়া ৰপ্তানিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু অহা মাহত তেওঁলোকৰ প্ৰথমটো সামগ্ৰীৰ গোট ইউৰোপত উপলব্ধ কৰা হ’ব। উল্লেখযোগ্য যে, এয়া প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ এটা ব্ৰেণ্ডে ক্ৰাফ্ট স্পিৰিট উদ্যোগত এনে ধৰণৰ ঢৌ তুলিবলৈ সক্ষম হৈছে।

Read more

Local News