গ্ৰাম্য মহিলাসকলক আৰ্থিকভাৱে সবলীকৰণৰ জৰিয়তে আত্মনিৰ্ভৰশীল ৰূপত গঢ় দিয়াৰ উদ্দেশ্যে অসম চৰকাৰৰ অভিলাষী ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান’ৰ অগ্ৰগতিৰ বুজ লোৱাৰ বাবে আজি জনতা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এখন বৈঠকত মিলিত হয়।
বৈঠকত মুখ্যমন্ত্রীয়ে প্রাপ্ত আবেদনপত্ৰৰ সংখ্যা, অভিযানৰ অগ্ৰগতি নিৰীক্ষণৰ সুবিধাৰ্থে প’ৰ্টেল প্ৰস্তুতকৰণ, পূৰণ হোৱা আবেদনপত্ৰসমূহ প’ৰ্টেলত অন্তৰ্ভুক্তকৰণ আদিৰ অগ্ৰগতিৰ উপৰি উদ্যমী হিচাপে প্ৰতিষ্ঠিত হোৱাৰ বাবে আগ্ৰহী মহিলাসকলে প্ৰস্তাৱ কৰা জীৱিকাৰ ধৰণসমূহৰ বিস্তৃতভাৱে বুজ লয়৷ তদুপৰি তেখেতে এই অভিযান ৰূপায়ণত যাতে কোনো ধৰণৰ ত্ৰুটি নাথাকে সেয়া উন্নয়ন খণ্ড পৰ্যায়ৰ পৰা সুনিশ্চিত কৰাৰ বাবে যাবতীয় নিৰ্দেশনা প্ৰদান কৰে।