আঞ্চলিক সামৰিক প্ৰশাসনৰ মতে, ইউক্ৰেইনৰ পূবৰ খাৰ্কিভ আৰু ভ’ভচানস্ক চহৰৰ আৱাসিক অঞ্চলক লক্ষ্য কৰি ৰাছিয়াৰ গোলাবৰ্ষণতঅসংখ্য ব্যক্তি আহত হয়।
মেয়ৰ ইহ’ৰ টেৰেখভে টেলিগ্ৰামযোগে কয় যে খাৰকিভৰ এটা আৱাসিক এলেকাত আৰ্টিলাৰীৰ গুলীত পাঁচজন লোক আহত হৈছে।
ভোভচানস্কত ৰাছিয়াৰ আক্ৰমণত ভয়াৱহ ক্ষতিসাধন হয়।
টেলিগ্ৰামত নিৰাপত্তা পৰিষদৰ সদস্য আন্দ্ৰেই কোভালেংকোৱে কয় যে গ্লাইড বোমা ব্যৱহাৰ কৰি শত্ৰুৱে নিৰ্দয় আক্ৰমণত ভ’ভচানস্ক চহৰখন কাৰ্যতঃ ধ্বংস কৰি পেলাইছে।
তেওঁ লগতে কয় যে ইউক্ৰেইনে বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হোৱাৰ পিছতো ভ’ভচানস্কৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ সক্ষম হৈছে।
উত্তৰ-পূব ইউক্ৰেইনৰ এই চহৰখনত যুদ্ধ আৰম্ভ হোৱাৰ আগতে প্ৰায় ১৯ হাজাৰ জনসংখ্যা আছিল।
বিভিন্ন ডিজিটেল প্লেটফৰ্ম, ৱেবছাইট, সাংবাদিক, আৰু সংস্থাৰ পৰা বাতৰি সংগ্ৰহ ।