গুৱাহাটী, ৩১ আগষ্ট: গুৱাহাটীৰ গড়চুকস্থিত মুখ্য কাৰ্যালয়ত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো এন এ বি এল স্বীকৃতিপ্ৰাপ্ত বস্ত্ৰ পৰীক্ষণ পৰীক্ষাগাৰ স্থাপন কৰি এক উল্লেখ্যযোগ্য মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমে। লক্ষণীয় যে, এই বিশেষ স্বীকৃতি অঞ্চলটোৰ বস্ত্ৰ উদ্যোগত পৰীক্ষণ আৰু গুণগত নিশ্চয়তাৰ বাবে কঠোৰ মানদণ্ড নিৰ্ধাৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।
নতুনকৈ স্বীকৃতিপ্ৰাপ্ত এই পৰীক্ষাগাৰটো উত্তৰ-পূৰ্বাঞ্চলৰ বস্ত্ৰজাত সামগ্ৰীৰ উন্নত মানদণ্ডৰ নিশ্চয়তা প্ৰদান কৰাত সহায়ক হ’ব। পূৰ্বতে উত্তৰ-পূৰ্বাঞ্চলত এনেধৰণৰ সুবিধা নথকাৰ বাবে শিপিনী আৰু উৎপাদকসকলে নিজৰ সামগ্ৰী পৰীক্ষাৰ বাবে কলকাতালৈ প্ৰেৰণ কৰিবলগীয়া হৈছিল। কিন্তু এতিয়া অসমৰ গুৱাহাটীত এই অত্যাধুনিক পৰীক্ষণ পৰীক্ষাগাৰ স্থাপন কৰি স্থানীয় শিপিনী আৰু নিৰ্মাতাসকলক উচ্চমানৰ পৰীক্ষণ সেৱাৰ তাৎক্ষণিক সুবিধা প্ৰদান কৰা হৈছে। এই অগ্ৰগতিৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়াই নহয়, ইয়াৰ বজাৰৰ অৱস্থান শক্তিশালী কৰি অঞ্চলটোক সবলীকৰণ কৰা হ’ব।
প্ৰণিধানযোগ্য যে, এই মান্যতাৰ জৰিয়তে গ্ৰাহকসকলক পৰীক্ষা (চিকিৎসাকে ধৰি), মানাংকন, দক্ষতা পৰীক্ষণ আৰু আনুষংগিক সামগ্ৰী উৎপাদনৰ দৰে নিৰ্ভৰযোগ্য সেৱাসমূহ লাভ কৰাৰ প্ৰত্যক্ষ পথ প্ৰদানকাৰী আনুষ্ঠানিকভাৱে দক্ষ অনুকূলতা মূল্যায়ন সংস্থাসমূহক (চি এ বি) স্বীকৃতি প্ৰদান কৰা হয়। এই মান্যতাই গ্ৰাহকৰ আস্থা বৃদ্ধি কৰাৰ লগতে স্বীকৃতিপ্ৰাপ্ত পৰীক্ষাগাৰৰ পৰা পৰীক্ষণ আৰু মানাংকন প্ৰতিবেদনসমূহ বিশ্বাসযোগ্য আৰু কঠোৰ মানদণ্ড মানি চলাটো নিশ্চিত কৰে।