ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তানবিৰুল ৱাদুদে নীট পৰীক্ষাৰ ফলাফলত উজলি উঠিছে।
সদ্যঘোষিত সৰ্ব্বভাৰতীয় নীট পৰীক্ষাৰ ফলাফলত উজলি উঠিছে ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তানবিৰুল ৱাদুদ ৷ কৃতি ছাত্ৰ তানবিৰুল ৱাদুদে নীট পৰীক্ষাত মুঠ ৬১৭ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ বিদ্যালয় তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে । মেধাৱী ছাত্ৰ গৰাকীয়ে নীট পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে দীৰ্ঘদিন ধৰি একানপতীয়াকৈ অধ্যয়ন কৰাৰ লগতে আজমল ছুপাৰ 40 নামৰ প্ৰতিষ্ঠানটোত অধ্যয়ন কৰি এই পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলিছিল । মুঠ ৬১৭ নম্বৰলৈ এই বৃহৎ সফলতা লাভ কৰা তানবিৰুল ৱাদুদ বিগত বৰ্ষতো অনুষ্ঠিত নীট পৰীক্ষাত অৱতীৰ্ণ হৈ সামান্য নম্বৰৰ বাবে বিফল হৈছিল।
অৱশ্যে মনৰ দৃঢ়তা আৰু একাগ্ৰতাক মূলধন হিচাপে লৈ ব্যাপক প্ৰস্তুতিৰে এইবাৰ পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলি পুনৰ নীট পৰীক্ষাত অৱতীৰ্ণ হৈছিল । মেধাৱী ছাত্ৰগৰাকীৰ এই সফলতাত ইউনিটেৰিয়ান জাতীয় বিদ্যালয় ছিঃ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ছফিকুল ইছলামে ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় । লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনাৰে প্ৰাৰ্থনা জনায়। উল্লেখযোগ্য যে কৃতি ছাত্ৰ তানবিৰুল ৱাদুদ বৰ্তমান শিঙ্গাৰী নিবাসী ডাঃ ছফিকুল ইছলামৰ পুত্ৰ ।