Sunday, November 24, 2024

আই বি এম(IBM) আৰু গুজৰাট চৰকাৰে গিফ্ট চিটিত এ আই(AI) ক্লাষ্টাৰ স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।

Share

শনিবাৰে এন ৱাই এছ ইত তালিকাভুক্ত আই টি কোম্পানী আই বি এম(IBM) আৰু গুজৰাট চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে আই বি এম(IBM)ৰ ৱাটনক্স প্লেটফৰ্ম ব্যৱহাৰ কৰি কৃত্ৰিম বুদ্ধিমত্তা (AI) ক্লাষ্টাৰ স্থাপন আৰু সমৰ্থনৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে যাতে উদ্ভাৱন আৰু সহযোগিতাৰ বাবে উৎসাহিত হয় . এই অংশীদাৰিত্বই বিত্তীয় প্ৰতিষ্ঠানসমূহক এআই পৰীক্ষণ পৰিৱেশৰ সুবিধা প্ৰদান কৰিব, ধাৰণাসমূহৰ প্ৰমাণ, এআই(AI) শিক্ষাৰ পদক্ষেপ, আৰু ডিজিটেল সহায়ক সঁজুলিসমূহ বিকশিত কৰাত সহায় কৰিব।

অংশীদাৰিত্বৰ অংশ হিচাপে আই বি এম(IBM)-এ ক্লাউড পৰিৱেশত চফট্ ৱেৰ প্ৰযুক্তি আৰু প্লেটফৰ্ম আগবঢ়াব। ইয়াৰ ফলত বিত্তীয় প্ৰতিষ্ঠানসমূহে ছেণ্ডবক্স পৰিৱেশত বৃহৎ ভাষাৰ এআই(AI) মডেলসমূহ কাষ্টমাইজ আৰু অনুকূল কৰি তুলিব পাৰিব।

আই বি এম(IBM) ইণ্ডিয়া এণ্ড চাউথ এছিয়াৰ এম ডি ড০ সন্দীপ পেটেলে কয় যে ৰাজ্যখনৰ ডিজিটেল ৰূপান্তৰ ক্ষিপ্ৰ কৰাৰ বাবে গুজৰাট চৰকাৰৰ সৈতে আমাৰ চলি থকা সহযোগিতাৰ ই এক উল্লেখযোগ্য অগ্ৰগতি চিহ্নিত কৰিছে।

তেওঁ লগতে কয় যে এই এআই(AI) ক্লাষ্টাৰ স্থাপনৰ আমাৰ লক্ষ্য হৈছে গিফ্ট চিটিৰ গতিশীল আৰু সম্প্ৰসাৰিত বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বাবে আটাইতকৈ শেহতীয়া এআই সমাধানসমূহ সহজে উপলব্ধ কৰা।

আই টি মেজৰগৰাকীয়ে ডিজিটেল সহায়ক ভিত্তিক সমাধানো সৃষ্টি কৰিব বিচাৰিব যিয়ে বিত্তীয় প্ৰতিষ্ঠানসমূহক কাষ্টমাইজড বৃহৎ ভাষাৰ মডেলসমূহ অনব’ৰ্ড আৰু একত্ৰিত কৰাত সহজ কৰি তোলে।

২০৩০ চনৰ ভিতৰত ৩ কোটি লোক আৰু ২০২৬ চনৰ ভিতৰত ২০ লাখ শিক্ষাৰ্থীক এআইৰ প্ৰশিক্ষণ দিয়াৰ প্ৰতিশ্ৰুতি দিছে আই বি এম(IBM)ৰ।এই প্ৰতিশ্ৰুতিৰ অংশ হিচাপে কোম্পানীটোৱে গুজৰাটৰ শিক্ষানুষ্ঠানসমূহৰ বাবে এআই(AI)ৰ পাঠ্যক্ৰম তৈয়াৰ কৰিব।

বিভিন্ন ডিজিটেল প্লেটফৰ্ম, ৱেবছাইট, সাংবাদিক, আৰু সংস্থাৰ পৰা বাতৰি সংগ্ৰহ ।

Read more

Local News