Thursday, November 21, 2024

অসম চৰকাৰে বিদ্যালয় সমূহত ডিজিটেল আন্তঃগাথঁনি যুক্ত পুথিভঁৰালৰ স্থাপনৰ ব্যৱস্থা লৈছে।

Share

শিশু আৰু কিশোৰ সকলৰ মাজত জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে অধ্যয়ণৰ ক্ষেত্ৰত তেওঁলোকক অধিক আকৰ্ষিত কৰি তোলাৰ উদ্দেশ্যেৰে
অসম চৰকাৰে বিদ্যালয় সমূহত ডিজিটেল আন্তঃগাথঁনি যুক্ত পুথিভঁৰালৰ স্থাপনৰ ব্যৱস্থা লৈছে।

নগাঁও -বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কেইবাখনো বিদ্যালয়ত যোৱা দুটা দিনত নতুনকৈ নিৰ্মাণ কৰা ডিজিটেল আন্তঃগাথঁনি যুক্ত শিশু আৰু কিশোৰৰ কেইবাটাও পুথিভঁৰাল আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰো।কালিৰ দিনটোত সমষ্টিটোৰ ৬খনকৈ বিদ্যালয়ত ডিজিটেল আন্তঃগাথঁনি যুক্ত পুথিভঁৰালৰ শুভ উদ্বোধন কৰাৰ অন্তত: আজি পুনৰ সমষ্টিটোৰ ৬খনকৈ বিদ্যালয়ত নতুনকৈ নিৰ্মাণ কৰা পুথিভঁৰাল সমূহ শিশু আৰু কিশোৰ সকলৰ বাবে মুকলি কৰো।

আজি পুথিভঁৰাল শুভ উদ্বোধন কৰা বিদ্যালয় সমূহ ক্ৰমে:

১) শ্বহীদ চন্দন সিং হাইস্কুল।

২) বেলগুৰি বড়ো এম ই স্কুল(গটঙ্গা)।

৩) আউনীআটী হাইস্কুল।

৪)মৰিকলং হাইস্কুল।

৫) ড: সুৰ্য কুমাৰ ভূঞা হাইস্কুল।

৬)খাগৰিজান নৈশ হাইস্কুল।

Read more

Local News