Saturday, November 23, 2024

জুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত প্ৰাথমিক শিক্ষকসকলৰ এফ. এল. এন. কৰ্মশালা সম্পন্ন

Share

ৰূপহী হাট, ২৭ আগষ্ট আৰু:- নগাঁও জিলাৰ জুৰীয়া শিক্ষা খণ্ডৰ উদ্যোগত বুনিয়াদী স্বাক্ষৰতা আৰু সাংখ্যিকতা এফ এল এন শীৰ্ষক এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। পাছ দিনীয়াকৈ দুটা পৰ্যায়ত ১৬ আগষ্টৰ পৰা ২১ আগষ্ট আৰু ২২ আগষ্টৰ পৰা ২৯ আগষ্টলৈ শিক্ষা খণ্ডটো সামৰি মুঠ তিনিটা স্থানত ক্ৰমে কদমনী টাউন হাইস্কুল, দগাঁও এ কে হাইস্কুল আৰু জাৰামাৰি চৰ ডি. কে. বি হাইস্কুলত অনুষ্ঠিত এই প্ৰশিক্ষণত শিক্ষক শিক্ষয়িত্ৰী সকলক বুনিয়াদী স্বাক্ষৰতা আৰু সাংখ্যিকতা বিষয়ত শিক্ষা খণ্ডটোৰ প্ৰায় সাত শতাধিক প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰা হয়। খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মৰমী মাহাতু কূৰ্মীয়ে বন্তি প্ৰজ্বলনেৰে প্ৰশিক্ষণৰ শুভাৰম্ভণি কৰি, প্ৰাথমিক পৰ্যায়ৰ প্ৰথম মান শ্ৰেণী আৰু দ্বিতীয় মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক শৈক্ষিক উত্তৰণৰ বাবে বুনিয়াদী স্বাক্ষৰতা আৰু সাংখ্যিকতা এফ এল এন ৰ জ্ঞানৰ বিকাশত যথেষ্ট গুৰুত্ব প্ৰদানৰ আহ্বান জনায়।


প্ৰশিক্ষণৰ কাৰ্যসূচীত শিক্ষা খণ্ডটোৰ গাণনিক বিষয়া মানস বৰুৱা আৰু এম আই এছ শ্বাহনাৱাজ আহমেদে পূৰ্ণ সহযোগিতা আগবঢ়ায়। এই প্ৰশিক্ষণটোৰ জৰিয়তে প্ৰাথমিক পৰ্যায়ৰ সকলো ছাত্ৰ ছাত্ৰীৰ বুনিয়াদী স্বাক্ষৰতা আৰু সাংখ্যিকতা জ্ঞানৰ পূৰ্ণ বিকাশত যথেষ্ট সহায় হ’ব বুলি প্ৰশিক্ষণৰ পৰিচালনাৰ দায়িত্বত থকা চি আৰ চি চি চাহাবুদ্দিন আহমেদে জানিবলৈ দিয়ে।‌ জুৰীয়া শিক্ষা খণ্ডৰ এই প্ৰশিক্ষণ কেন্দ্ৰ কেইটাত পিংকী কুমাৰী, আবুল কালাম, ফিৰদৌছ আলম, জিয়াউৰ ৰহমান চৰকাৰ, ফকৰুল ৰহমান, মুজাম্মিল হোছেইন, মাইনুল ইছলাম খান, নেত্ৰ কমল বৰা, ধ্ৰুৱ দেৱনাথ, বিপুল মণ্ডল, ইলিমা খাতুন, ছফিকুৰ ৰহমান, ৰাতুল বৈদ্য, সন্তোষ কুমাৰ গুপ্তা, ছামিমা চুলতানা, আব্দুল হামিদ, ইউনুছ আলী, ৱাজিবুল আহমেদ, শ্বৰীফ উদ্দিন আনছাৰি, চন্দন কুমাৰ বৰ্মন, মালিকুল ইছলামকে ধৰি মুঠ ২২ গৰাকী প্ৰশিক্ষণ প্ৰাপ্ত প্ৰশিক্ষকে সমল ব্যক্তি হিচাবে এই প্ৰশিক্ষণ প্ৰদান কৰে। জুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মৰমী মাহাতু কূৰ্মীয়ে প্ৰশিক্ষণ স্থলীত উপস্থিত থাকি প্ৰশিক্ষণৰ তদাৰক কৰাৰ লগতে প্ৰতিজন শিক্ষকে নিজকে একোজন মহান শিক্ষক ৰূপে গঢ়ি তুলিবলৈ লবলগীয়া প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰে।

Read more

Local News