Saturday, November 23, 2024

জাকে জাকে অসম এৰিছে আইপিএছ ,আইএএছ (IAS)বিষয়াই

Share

১৪ আগষ্টঃ কাইলৈ স্বাধীনতা দিৱস৷ সমগ্ৰ দেশৰ লগতে অসমেও উলহমালহেৰে পালন কৰিব স্বাধীনতা দিৱস৷ পৰম্পৰা ৰক্ষা কৰি এইবাৰো আলফাই স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাইছে৷ কিন্তু অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে আৰফাৰ বৰ্জনক গুৰুত্ব সহকাৰে লৈ সকলো দিশতেই নিৰাপত্তা কটকটীয়া কৰি তুলিছে৷ এনে সময়তে আলোচনা হৈছে জিপি সিঙৰ অসম এৰাৰ খবৰটোও৷ অসমত এতিয়া যেন ভাৰতীয় প্ৰশাসনিক(IAS) আৰু ভাৰতীয় আৰক্ষী সেৱা (IPS)ৰ বিষয়াৰ অসম ত্যাগ কৰাৰ ধুম উঠিছে। শেহতীয়াকৈ ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙেও তিনিমাহৰ ভিতৰতে অসম ত্যাগ কৰিব বুলি খবৰ ওলাইছে। খবৰ অনুসৰি আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে অসম ত্যাগ কৰি গৈ কেন্দ্ৰীয় সংৰক্ষিত বাহিনীত সঞ্চালকপ্ৰধান হিচাবে যোগদান কৰিব। জানিব পৰা মতে ভাৰতীয় আৰক্ষী সেৱাৰ অসম-মেঘালয়ৰ কেডাৰৰ ১৯৯১ বৰ্ষৰ আই পি এছ জি পি সিঙে অসম ত্যাগ কৰিবলৈ জনোৱা আবেদন অসম চৰকাৰে গ্ৰহণ কৰাৰো সেউজ সংকেত দিছে। এনে পৰিস্থিতিত মুখ্যমন্তীৰ অতি ঘনিষ্ঠ হিচাবে পৰিচিত এগৰাকী দক্ষ আইপিএছ বিষয়াক অসমে হেৰুৱাব লাগিব। ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান হিচাবে জি পি সিঙে পূৰ্বে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা ‘নিয়া’ত আই জি পি পদতো দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল । ২০১৯ চনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্য জুৰি হোৱা হিংসাত্মক আন্দোলন ৰোধ কৰাৰ ক্ষেত্ৰত জি পি সিঙে আগবঢ়োৱা অৱদানৰ কথা সকলোৱে স্বীকাৰ কৰি আহিছে। বিশেষকৈ গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ মূল প্ৰৱেশদ্ববাৰ ভাঙি চুৰমাৰ কৰাসকলৰ বিৰুদ্ধে জি পি সিঙে অতি কৌশলেৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত পূৰামাত্ৰাই সফল হোৱা জি পি সিঙক সেই সময়তে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান(আইন-শৃংখলা) হিচাবে দায়িত্ব অৰ্পন কৰা হৈছিল। এনে এগৰাকী বিষয়াই অসম এৰি যাব বিচৰাৰ কথাই সেয়ে বহুতকে এতিয়া চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে। লক্ষ্যণীয় কথাটো হ’ল বিগত দুটা বছৰত অসম এৰিছে বহু বাঘা বাঘা আইএএছ, আইপিছ বিষয়াই। কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেশ্যনলৈ অসম এৰি গৈছেো ২২গৰাকী আইএএছ বিষয়াই। একেদৰে অসম এৰি গৈ ডেপুটেশ্যনত আছে ১৯গৰাকীকৈ আইপিএছ বিষয়া। কেৱল সেয়াই নহয় অসমত ইতিমধ্যে বহু দক্ষ আৰু জনপ্ৰিয় আইপিএছ তথা আইএএছবিষয়াই ৰাজ্য তা্যগ কৰি গৈছে। তেওঁলোকৰ ভিতৰত এগৰাকী হৈছে আনন্দ মিশ্ৰ। আনন্দ মিশ্রই নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে যি জেহাদ ঘোষণা কৰিছিল সেয়া হয়তো অসমৰ ইতিহাসত বিৰল। আনন্দ মিশ্ৰৰ বাবেই বুকু কঁপিছিল পাখী মিয়াৰ দৰে ড্ৰাগছ সম্ৰাটৰ। কিন্তু পাকে প্ৰকাৰে তেওঁলোকো যেন অসম এৰি যাবলৈ বাধ্য কৰোৱা হ’ল। আনন্দ মিশ্ৰৰ ছ’চিয়েল মিডিয়াত যি জনপ্ৰিয়তা তাৰ পৰাই প্ৰমাণ হয়, অসমত তেওঁ মানুহৰ কিমান আপোন আছিল। একেদৰে মুখ্যমন্ত্ৰীৰ অতি আপোন মানুহ সমীৰ সিনহায়ো অসম ত্যাগ কৰিলে। আইএএছ বিষয়াগৰাকীয়ে অসম ত্যাগ কৰাৰ ফলত ৰাজ্যৰ প্ৰশাসনিক দিশত নিঃসন্দেহে কিছু সমস্যাৰ সৃষ্টি হৈছে।

জানিব পৰা মতে জি পি সুঙৰ অসম ত্যাগ কৰাৰ সিদ্ধান্তই এতিয়া বহু আমোলাক চিন্তিত কৰি তুলিছে। কাৰণ এগৰাকী দক্ষ বিষয়াক কোনেও হেৰুৱাব বিচৰা নাই। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ সমাগত উপ-নির্বাচনৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ পাছতহে জি পি সিঙে অসম এৰি যাব পাৰে । জি পি সিঙে ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ অৱসৰৰ পাছত ২০২৩ চনৰ ৩১ জানুৱাৰীত অসমৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে দায়িত্ব গ্রহণ কৰিছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে অসমৰ পৰাই এতিয়া ডেপুটেশ্যনত আছে ২২ গৰাকীকৈ আইএএছ বিষয়া। তেওঁলোকৰ ভিতৰত সঞ্জয় লোহিয়া, ৰবী কোটা, চুইটী চাংছন, অৰ্চনা বাৰ্মা, আশুতোষ অগ্নিহোত্ৰী, জে বালাজী, এম অংগমুঠু, নিতীন খাড়ে, অশোক বাবু, পুৰু গুপ্তা, বীৰেন্দ্ৰ মিট্টাল, বিনোদ চেছান, দেৱজ্যোতি দত্ত আদি অন্যতম। একেদৰে ডেপুটেশ্যনত গৈ অসমলৈ আজিলৈকে ঘুৰি অহগহা নাই কেলেংকাৰিত নাম সাঙোৰ খাই পৰা আইএএছ বিষয়া প্ৰতীক হাজেলা ৷

আনহাতে ১৯গৰাকীকৈ আইপিএছএছ বিষয়ায়ো অসম এৰিছে। তেওঁলোকৰ ভিতৰত আছে আৰ পি মীনা, দীপক কুমাৰ, মুন্না প্ৰসাদ গুপ্তা, আনন্দ প্ৰকাশ তিৱাৰী, সংযুক্তা পৰাশৰ, অমনজিৎ কৌৰ, মনীষ মিশ্ৰ, সুবাশিনী শংকৰণ ৰমনদ্বীপ কৌৰ, শংকৰব্ৰত ৰাইমেধীকে ধৰি আন বহু জন। কেৱল সেয়াই নহয়, অএসমৰ বহু আইপিএছ বিষয়াক নিজৰ দায়িত্বৰ পৰা আঁতৰাই আন কেতবোৰ উপৰুৱা দায়িত্বহে দিয়া হৈছে। তেওঁলোকৰ ভিতৰত আইপিএএথ অংকুৰ জৈনক স্কীল ডেভেলপমেণ্ট মিছনত, আইপিএছ গৌৰৱ উপাধ্যায়ক পৰিবহন বিভাগত , আইপিএছ শিলাদিত্য চেতিয়াক গৃহ আৰু ৰাজনৈতিক সচিব হিচাপে দায়িত্ব অৰ্পন কৰা হৈছে। এতিয়া কথাটো হ’ল অসমৰ পৰা এনেদৰে বহু দক্ষ আইএএছ আৰু আইপিএছ বিষয়াই অসম ত্যাগ কৰাটো শুভ নে অশুভ লক্ষণ? প্ৰফুল্ল মন্ত্ৰ চৰকাৰ থকাৰ দিনতো এনেদৰে বহু ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াই অসম ত্যাগ কৰিছিল। ফলত সৃষ্টি হৈছিল প্ৰশাসনিক অচলাৱস্থাৰ। আজিৰ পৰিস্থিতিতো তেনে হ’বলৈ গৈ আছে নেকি? কথাৰ নিৰ্মোহভাবে মুখ্যমন্ত্ৰীয়ে ফহিয়াই চোৱা উচিত হ’ব নিশ্চয়।

Read more

Local News