Saturday, November 23, 2024

দৈনিক অসম কাকতৰ উদ্যোগত নাগাঁৱত নাগৰিক সভা সম্পন্ন।

Share

অসমৰ জনপ্ৰিয় বাতৰিকাকত “দৈনিক অসম” কাকতৰ উদ্য়োগত আজি নগাৱত এখনি নাগৰিক সভাৰ আয়োজন কৰা হয়। সভাখন নগাঁও ছোৱালী মহাবিদ্য়ালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। উক্ত সভাত “অসমৰ সমাজ জীৱনতদৈনিক অসমৰ ভূমিকা” ৰ বিষয়ে আলোচনা কৰা হয়।

সভাখনত নগাঁও সদৰ সমষ্টিৰ মাননীয় বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকি উদ্য়ানিমূলক ভাষণ প্ৰদান কৰে। লগতে তেওঁ কয় যে দৈনিক অসম কাকতে গৌৰৱোজল ৬০ বৰ্ষত ভৰি দিব। সভাখনত অংশগ্ৰহন কৰি বিধায়ক গৰাকীয়ে বৰ্তমান সময়ত কাকতখনে অসমৰ সমাজ জীৱনত আগবঢ়াই অহা উল্লেখযোগ্য ভূমিকাৰ বিষয়ে বহলাই কয় আৰু বিভিন্ন বিষয়ত মত বিনিময় কৰে।


নগাঁও ছোৱালী মহাবিদ্য়ালয়ত অনুষ্ঠিত হৈ যোৱা সভাখনত দৈনিক অসম কাকতৰ সম্পাদক ডঃ হিতেশ ডেকা, নগাঁও ছোৱালী মহাবিদ্য়ালয়ৰ অধ্যক্ষ ডঃ কুলেন চন্দ্ৰ দাস, দ্যা আছাম ট্ৰিবিউনৰ প্ৰৱন্ধক প্ৰণৱ দত্ত গোস্বামী, দৈনিক অসমৰ প্ৰচলন প্ৰৱন্ধক ভাস্কৰ দাস, দৈনিক অসম কাকতৰ জ্য়েষ্ঠ উপ সম্পাদক পুলিন কলিতা প্ৰমুখ্যে অসমৰ সমাজ জীৱনৰ লগত জড়িত বিভিন্ন ব্য়ক্তি, বিশিষ্ট নাগৰিক, সাংবাদিকসকল আৰু বাতৰি কাকতৰ পৰিবেশক সকল উপস্থিত থাকি সভাখন সাফল্যমণ্ডিত কৰি তোলে বুলি উদ্যোক্তাসকলে জানিব দিয়ে।

Read more

Local News