পেৰুৰ লিমাত অনুষ্ঠিত বিশ্ব যুৱ ভাৰোত্তোলন প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰি ৰাজ্যৰ ক্ৰীড়াখণ্ডলৈ আন এক ভাললগা খবৰ কঢ়িয়াই অনা অসম সন্তান শ্ৰীবেদব্ৰত ভৰালীক মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে৷ প্ৰতিযোগিতাখনৰ ৭৩ কিল’গ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰি স্নেটছত ১৬০ কিল’গ্ৰাম ওজন উঠাই স্বৰ্ণপদক দখল কৰা শ্ৰীবেদব্ৰত ভৰালীৰ ভৱিষ্যতৰ সময় সফলতা আৰু সমৃদ্ধিৰ হোৱাৰ বাবে কামনা কৰি মাননীয় মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ ১৭ বছৰীয়া ক্ৰীড়াবিদগৰাকীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জনায়৷
Share
Read more