Saturday, November 23, 2024

শংকৰ আজান বিদ্যাপীঠৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা।কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায় বিধায়ক নুৰুল হুদাই।

Share

জুৰীয়াৰ উদমাৰীৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান শংকৰ আজান বিদ্যাপীঠৰ উদ্যোগত শিক্ষানুষ্ঠানৰ খনৰ ২০২৪ শিক্ষা বৰ্ষৰ মেট্ৰিক পৰীক্ষাত সুখ্যাৰ্তীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

শংকৰ আজান বিদ্যাপীঠৰ অধ্যক্ষ আব্দুৰ ৰহিমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত মুখ্য অতিথি হিচাপে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা উপস্থিত থাকি সুখ্যাৰ্তীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক জাপি,ফুলাম গামোচা,মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে মূল্যবান ভাষণেৰে সকলো ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

উক্ত সম্বৰ্ধনা অনুষ্ঠানত বিধায়ক নুৰুল হুদা,ম’মেনটম চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ মোজাক্কিৰ হুছেইন,বিশিষ্ট শিক্ষাবিদ হজৰত আলীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ অধ্যক্ষ, শিক্ষক শিক্ষয়িত্ৰী উপস্থিত আছিল।


জুৰীয়াৰ পৰা নাজিম উদ্দিনৰ ৰিপ’ৰ্ট।

Read more

Local News