লখিমপুৰ, ২৩ মে’ ২০২৪: বুধবাৰে নিশা খেলমাটি থানাত হোৱা এক অঘটনক লৈ সমগ্ৰ এলেকাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে। থানাৰ ভিতৰত আৰ্চভ আলি নামৰ এজন লোকৰ আকস্মিক মৃত্যু হৈছে। নিহত আৰ্চভ আলিৰ ঘৰ উত্তৰ লখিমপুৰৰ পশ্চিম চান্দমাৰিত অৱস্থিত।
প্ৰাপ্ত তথ্য অনুসৰি, এটা মোবাইল ফোন চুৰিক কেন্দ্ৰ কৰি আৰ্চভ আলিক খেলমাটি চকীৰ আৰক্ষীয়ে থানালৈ মতাই আনিছিল। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, আৰ্চভ আলি মোবাইল চুৰি গেঙৰ অন্যতম সদস্য আছিল। বুধবাৰে নিশা থানাৰ ভিতৰতে হঠাতে অসুস্থ হৈ মজিয়াত বাগৰি পৰি আৰ্চভ আলিৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে জনায়।
আৰ্চভ আলিৰ পৰিয়ালৰ দাবী অনুসৰি, আৰক্ষীৰ ভুলৰ বাবে তেওঁৰ মৃত্যু হৈছে। এই ঘটনাৰ ফলত থানাৰ বাহিৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলিচালনা কৰিবলৈ বাধ্য হয়, যাৰ ফলত উত্তেজিত লোকৰ শিলগুটি নিক্ষেপত কেবাজনো আহত হয়।
ডি জি পি নিৰ্দেশত খেলমাটি আউটপ’ষ্টৰ IC দিপাঙ্কৰ চাংমাই আৰু এজন আৰক্ষীক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰয়াস চলি আছে আৰু তদন্তৰ কাম চলি আছে। এই ঘটনা সকলোৰে বাবে গভীৰ চিন্তার বিষয় হৈ উঠিছে।