Saturday, November 23, 2024

লিকাবালী স্পিয়েৰহেড আৰ্মি গুডউইল স্কুলত ক্ৰীড়া সমাৰোহৰ সম্পন্ন…

Share

লিকাবালিৰ স্পিয়াৰহেড আৰ্মি গুডউইল স্কুলে ২০২৩-২৪ বৰ্ষৰ বাবে বাৰ্ষিক ক্ৰীড়া দিৱসটি যোৱা ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰে।বহু প্ৰত্যাশিত অনুষ্ঠানটো আৰম্ভ হয় লিকাবালি সামৰিক ষ্টেচনৰ ষ্টেচন কমাণ্ডাৰ ভি এছ এমৰ মুখ্য অতিথি ব্ৰীগ এছ ডি উপধ্যায়ৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। কাৰ্যসূচী অনুসৰি হাউছ কেপ্তেইনসকলৰ নেতৃত্বত মাৰ্চ পাষ্ট অনুষ্ঠিত কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় আৰু বিদ্যালয়ৰ পতাকা সদায় ওখকৈ উৰুৱাই ৰখাৰ শপতবআক্য পাঠ কৰে।  ক্ৰীড়া দিৱসত ছাত্ৰ- ছাত্ৰীসকলে এৰোবিক্স, যোগাসন,হাৰ্ডল ৰেচ,স্লো চাইকেল ৰেচ,ৰিলে ৰেচকে ধৰি বিভিন্ন ক্ৰীড়াৰ এক কলা কৌশল প্ৰদৰ্শন কৰে।

দৰ্শকে ছাত্ৰ-ছাত্ৰীসকলৰ ক্ৰীড়া দক্ষতা আৰু সমন্বয় দক্ষতা প্ৰত্যক্ষ কৰি সন্তুষ্টি প্ৰকাশ কৰে। ছাত্ৰ-ছাত্ৰীসকলে যুদ্ধ কলাৰ শক্তিশালী প্ৰদৰ্শনেৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে। তাৰ পিছত পৰম্পৰাগত বিহু নৃত্য। সকলো ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ‌ বিজয়ী সকলক সম্বৰ্ধনা জনোৱাৰ লগতে মুখ্য অতিথিৰ দ্বাৰা মেধা আৰু ট্ৰফীৰ প্ৰমাণ পত্ৰ আৰু পদক বিতৰণ কৰা হয়। শেহতীয়াকৈ বিদ্যালয় পৰিচালনা সমিতিয়ে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণ আৰু পাঠদান দৰ্শন উন্নত কৰাৰ বাবে কেইবাটাও ইতিবাচক আৰু গঠনমূলক পদক্ষেপ গ্ৰহণ কৰিছে।  স্মৰণীয় যে মিলিটাৰী ষ্টেচন স্কুলে অৰুণাচল প্ৰদেশ আৰু অসমৰ স্থানীয় অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ সেৱা আগবঢ়াই আহিছে।

Read more

Local News