Saturday, November 23, 2024

মহিলাক অপকৰ্ম -ব্লেকমিঙৰ অপৰাধত নগাঁও লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আবু শ্বামাক গ্ৰেপ্তাৰ।

Share

জুৰীয়া,১৯মে: নগাঁও লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আবু শ্বামাক যোৱা ৰাতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই সমগ্ৰ জিলাখনলৈ এক চৰ্চাৰ বিষয় হৈ পৰিছে। প্ৰাৰ্থী গৰাকীৰ ভাইৰেল হোৱা এটা অশ্লীল ভিডিঅ’ক লৈ সৰ্বত্ৰতে তোলাৰ লাগিছে। এগৰাকী মহিলাৰ সৈতে প্ৰাৰ্থী গৰাকীৰ ভিডিঅ’ ক্লিপ সম্প্ৰতি মানুহৰ হাতে হাতে। অভিযোগ অনুসৰি এইজন ধুৰন্ধৰ তথা লম্পট প্ৰাৰ্থীগৰাকীৰ জুৰীয়া বজাৰত জান মেডিকেল নামৰ এখনি ফাৰ্মাছি আছে। ফাৰ্মাছিখনত গাঁৱৰ সহজ-সৰল মহিলা সকলে চিকিৎসা কৰিব আহে।চিকিৎসাৰ নামত কেইবাগৰাকী মহিলাক ফাৰ্মাছিত মাতি নি নিচাযুক্ত দ্ৰব্যখুৱাই অৰ্ধ চেতন কৰি মহিলাৰ লগত অপকৰ্ম কৰি নিজে ভিডিঅ’ বনাই ।পাছত সেই মহিলাক মাতি আনি বিভিন্ন ভয় ভাবুকিৰে ভিডিঅ’ ভাইৰেল কৰি দিয়াৰ ভাবুকি দিয়ে । উপায়হীন হৈ সহজ-সৰল মহিলা বিপদত পৰাৰ ভয়ত লম্পটৰ কথাত সৈমান হৈ কেইবা লাখ টকা ব্লেকমিলিঙিৰে লম্পটজনে হৰলুকি কৰে। ইয়াক লৈ এগৰাকী মহিলাই প্ৰাৰ্থী আবু শ্বামাৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।


জানিব পৰা মতে, আবু শ্বামা জুৰীয়াৰ মাহেৰীপাৰৰ বাসিন্দা তথা নগাওঁ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী। আবু শ্বামা নিৰ্বাচন আহিলেই এইগৰাকী পাবত গজা নেতা হিচাপে নিৰ্বাচনৰ নামত পি এছ অ’ লাভ কৰি বহু ওপৰৰ মাল বুলি জহাই ফুৰি সহজ-সৰল সংখ্যালঘু মহিলাক নিজৰ আয়ত্তলৈ অনাৰ চেষ্টা চলাই। বিগত বিধান সভা নিৰ্বাচনতো ৰূপহীহাট বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হৈ মুখ থেকেচা খোৱা এইগৰাকী পাষণ্ড নিশা নাৰী জনিত কাৰণত ৰাইজৰ খেদা খাই ভৰি পৰ্যন্ত ভঙিছিল । প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে অপকৰ্ম তথা ব্লেকমিলিংৰ অভিযোগ তুলি ভুক্তভোগী মহিলাই এক গোচৰ তৰে।গোচৰটো জুৰীয়া আৰক্ষী থানাই case no-136/24 u/s-384/376/506/IPC ধাৰণাত গোচৰটো পঞ্জীয়ন কৰি লম্পটৰ আবু শ্বামাক গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে।

আজিজুৰ ৰহমান, জুৰীয়া

Read more

Local News