Saturday, November 23, 2024

প্ৰতিকূল বতৰকো নেওঁচি নগাঁও জিলা আমছুৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট অনুষ্ঠিত।

Share

আজি সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন আমছুৰ নগাঁও জিলা সমিতিৰ উদ্যোগত ৬ দফীয়া কাৰ্যসূচীৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মূখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বৰ্তমান সময়ত স্মার্ট মিটাৰৰ বৰ্ধিত হাৰৰ বিলৰ বিপক্ষে , বানপানীৰ কৱলত ক্ষতিগ্রস্ত হোৱা লোকৰ ক্ষতিপূৰণৰ সাপেক্ষে, গৰাখহনীয়া সমস্যাক বৈজ্ঞানিক পদ্ধতিৰে সমাধানৰ স্বাৰ্থত, প্ৰতিজন ভূমিহীন লোকক ভূমি প্ৰদান, বুঢ়াচাপৰিত দুই ভ্ৰাতৃক বনবিষয়াই গুলিয়াই হত্যা কৰাৰ উচিত ন্যায় বিচাৰি আৰু ৰাজ্য জোকাৰি যোৱা জাহাঙ্গীৰ আলমৰ নৃশংস হত্যাকাণ্ড লগত জড়িত দোষীক উচিত শাস্তি প্ৰদানৰ দাবীত আজি নগাঁৱৰ মাজপথৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত কৰে নগাঁও জিলা আমছুৰ বিষয়ববীয়াসকলে। স্মার্ট মিটাৰৰ পৰিবৰ্তে পূৰ্বৰ মিটাৰ বাহাল ৰাখক, বানপানীত ক্ষতি হোৱা লোকৰ ক্ষতিপূৰণ গ্ৰহণ কৰক, বিদ্যুৎমন্ত্ৰী হাই হাই, উই ৱান জাষ্টিচ, নঅ ৱান ন ৰেষ্ট, অসম চৰকাৰ হাই হাই আদি প্ৰতিবাদী ধ্বনিৰে নগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখ কপাই তুলে। লগতে নগাঁও জিলা আয়ুক্তক তেওঁলোকৰ দাবীসমূহৰ স্মাৰক পত্র প্ৰেৰণ কৰে।

যদি তেওঁলোকৰ দাবীসমূহ অসম চৰকাৰে অতিসোনকালে পূৰণ নকৰে তেন্তে আৰু অধিক শক্তিশালী ৰূপত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ব বুলি আমছুৰ কেন্দ্রীয় সমিতিৰ উপ- সভাপতি মোশ্বাৰফ হুছেইন কবিৰে হুংকাৰ প্ৰদান কৰে।

উক্ত প্ৰতিবাদ ধর্মঘট কাৰ্যসূচীত নগাঁও জিলা সমিতিৰ সভাপতি আব্দুল নুৰ, সম্পাদক আশ্ৰাফুল হুছেইন, আমছুৰ কেন্দ্রীয় সমিতিৰ উপ- সভাপতি মোশ্বাৰফ হুছেইন কবিৰ, কেন্দ্রীয় সমিতিৰ সম্পাদক আব্দুল ৰহিম, জিলা সহ- সম্পাদক জেহিৰুল ইছলামৰ লগতে নগাঁও জিলাৰ প্ৰতিটো আমছুৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

নগাঁৱৰ পৰা এহিয়া আহমেদৰ ৰিপোৰ্ট

Read more

Local News