নিৰ্বাচনৰ পিছতে ৰাজ্যত নিত্যব্যৱহাৰ্য কেইবাটাও সামগ্ৰীৰ ওপৰত পুনৰ মুল্য বৃদ্ধি কৰি ৰাইজক মাধমাৰ শোধালে বিজেপি নেতৃত্বাধীন চৰকাৰে । কেৱল সামগ্ৰীয়ে নহয় জীৱনদায়িনী ঔষধৰো মুল্যবৃদ্ধি কৰি জনসাধাৰণক একপ্ৰকাৰ কোঙা কৰিলে শাসকীয় চৰকাৰখনে ৷ সাধাৰণ জনতাই সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত ত্ৰাহিমধুসূদন সোঁৱৰিব লগা হৈছে । মুল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰখনলৈ খোদ বিজেপি দলৰে বিধায়ক মৃণাল শইকীয়াই অসন্তুষ্টি ব্যক্ত কৰি মুল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহন কৰিবলৈ আহ্বান জনাই ৷ বিষয়টোৰ সন্দৰ্ভত বিশ্বনাথ জিলা কংগ্ৰেছেও সহমত প্ৰকাশ কৰে ৷ এক প্ৰেছ বিজ্ঞপ্তি যোগে বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপত্ৰ তুষাৰ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে , অতি সোনকালে বিজেপি দলে নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মুল্য হ্ৰাস কৰক । অন্যথা এই বিজেপি চৰকাৰ যে জন বিৰোধী চৰকাৰ সেই কথা প্ৰমাণ হৈ যাব বুলি উল্লেখ কৰে মুখপত্ৰ তুষাৰ বৰাই ।
নিত্য ব্যৱহাৰ্য্য সামগ্ৰী মুল্যবৃদ্ধিৰ ওপৰত বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাৰ প্ৰতিক্ৰিয়া ৷
Share
Read more