Saturday, November 23, 2024

নগাঁৱৰ হয়বৰগাও নিবাসী বিশিষ্ট কবি,সাহিত্যিক হেলেন পণ্ডিতলৈ এইবেলি B.V University for Peace and Education য়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।

Share

নগাঁৱৰ হয়বৰগাও নিবাসী বিশিষ্ট কবি,সাহিত্যিক হেলেন পণ্ডিতলৈ এইবেলি B.V University for Peace and Education য়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।অসমীয়া কাব্য প্ৰতিভাৰ ওপৰত গৱেষণা কৰি উক্ত ইউনিভাৰ্চিটি খনৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি ড° হেলেন পণ্ডিত ।২২ জুন তাৰিখে নতুন দিল্লীৰ হায়াৰ এডুকেশ্বন প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত তেওঁক এই সন্মান প্ৰদান কৰা হয়।এই অনুষ্ঠানত উপস্থিত আছিল বিশ্ববিদ্যালয়ৰ ড° ৰাকেশ বাৰ্মা,ড•মহেন্দ্ৰ বাঞ্ছাল প্ৰমুখ্যে বিষয়ববীয়াসকল।

উল্লেখযোগ্য যে স্বাধীনোত্তৰ কালৰ পৰা কবিতাৰ সৈতে জড়িত ড° হেলেন পণ্ডিতৰ বিগত সময়ছোৱাত জীৱন জোনাক ,জোনাক গলা শীতৰ নিশা নামেৰে দুখন কবিতা পুথিও প্ৰকাশিত হৈছে ।ইয়াৰ উপৰিও ২০২১ বৰ্ষত তেখেতৰ সাহিত্য ৰাজি আৰু জীৱন পৰিক্ৰমাৰ ওপৰত লোৱা এটি সাক্ষাৎকাৰে ৫ লাখ দৰ্শক ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে ।

Read more

Local News