বিদ্যালয় সমূহৰ পৰিচালনা সমিতিৰ সমন্বয়ৰক্ষী সমিতি সমূহৰ উদ্যোগত শিক্ষানুষ্ঠান সমূহত সঘনে সংঘটিত হোৱা চুৰি আৰু অঞ্চলটোত বৃদ্ধি পোৱা অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে নগাঁৱৰ উদমাৰি উচ্চ মাধ্যমিক বিদ্যালয়ত দুঘণ্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচী পালন কৰে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে শ শ ৰাইজে ।
উদমাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ফজলুল হক মৰল, ইউনিটেৰিয়ান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ ছফিকুল ইছলাম, মাহগুৰি সমল কেন্দ্ৰৰ ইমৰান হুছেইন আদি উল্লেখযোগ্য সচেতন ব্যক্তিৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই দুঘণ্টীয়া প্ৰতিবাদী কাৰ্য্যসূচীত শতাধিক শিক্ষক তথা ৰাইজ উপস্থিত থাকে । উদমাৰি, মাহগুৰি, বালিগুটিয়া অঞ্চলত ড্ৰাগছ, মদ, ভাং, জুৱা, বাল্য বিবাহ, অসামাজিক কাৰ্য কলাপৰ বিৰুদ্ধে আৰু শিক্ষা বিস্তাৰৰ লগতে সপক্ষে এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ।
উল্লেখযোগ্য যে, আজিৰ এই ধৰ্ণা কাৰ্য্যসূচীত প্ৰতীক্ষা, নিউ প্ৰেৰণা, ৰুৰেল ইম্প্ৰভমেন্ট ছচাইটি, ৰাজা ৰামমোহন ৰয় পাব্লিক লাইব্ৰেৰীৰ লগতে কেইবাটাও বে-চৰকাৰী সংস্থাৰ বিষয়ববীয়া সকল উপস্থিত থকা দেখা যায় । এই কাৰ্য্যসূচীত সকলো ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনিৰে মুখৰিত কৰি তোলা পৰিলক্ষিত হয় ।
তৈয়াবুৰ ৰহমান, ৰূপহীহাট
8486024256