Saturday, November 23, 2024

জুৰীয়াৰ কালিযাডিংগা টংগীয়া লালুং গাঁৱ জে বি স্কুলত বিশ্ব পৰিৱেশ দিৱস পালন।

Share

প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন, বনাঞ্চল ধ্বংস আৰু জৈৱ বৈচিত্ৰ্য ক্ষয় আদি পৰিৱেশ বিষয়ৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে জুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত টংগীযা লালুং গাঁৱ জে বি স্কুলত দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয় বিশ্ব পৰিবেশ দিৱস ।


যোৱা ৫ তাৰিখৰ পৰা ১২ তাৰিখ লৈ বিদ্যালয়ত চাফাই অভিযানকে ধৰি বিভিন্ন কাৰ্যসূচী পালন কৰে।
আজি অন্তিম দিনা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা পৰিচালনা কমিটিক লগত লৈ প্ৰধান শিক্ষক আমিৰ হামজাই বিভিন্ন কাৰ্যসূচীৰ ৰুপায়ন কৰে ।
প্ৰধান শিক্ষকে ২০২৪ চনৰ বিশ্ব পৰিবেশ দিৱসৰ মূল থিম ভূমি পুনৰুদ্ধাৰ, মৰুভূমিকৰণ আৰু খৰাং স্থিতিস্থাপকতা’ আদিৰ ওপৰত আলোকপাত কৰাৰ লগতে গছ পুলি ৰোপন কৰাৰ আহ্বান জনায়।


তেঁখেতে কয়- মানুহৰ কাৰ্যকলাপৰ বাবে পৰিৱেশ ধ্বংস হোৱাটো গভীৰ উদ্বেগৰ বিষয় । বৰ্তমান প্ৰদূষণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পৰিবেশ সংৰক্ষণৰ আন্দোলনত যোগ দিবলৈ ছাত্র-ছাত্ৰীসকলক আহ্বান জনায় । আনহাতে পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি থলিতে লিখা চিত্ৰাঙ্কন,নিত্য, কবিতা আবৃত্তিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পিছত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিবেশ সংৰক্ষণ সংকল্প লৈ আজিৰ কাৰ্য্যসূচীৰ সামৰণি মাৰে ।

Read more

Local News