Saturday, November 23, 2024

জাজৰিত স্বাস্থ্যকৰ্মীৰ আজৱ কাণ্ড, ঔষধৰ সলনি ৰোগীক ঢালিলে এচিড

Share

এইবাৰ ৰোগীক ঔষধৰ সলনি এচিড ঢালি চিকিৎসা কৰিলে স্বাস্থ্যকৰ্মীয়ে। এই ঘটনা সংঘটিত হৈছে নগাওঁ জিলাৰ জাজৰিত। এই সন্দৰ্ভত গৰজি উঠে ভুক্তভোগীৰ পৰিয়াল। মঙ্গলবাবে দুপৰীয়া ১২ মান বজাত ভুক্তভোগীৰ পৰিয়ালৰ লোকে এই সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰে। জানিব পৰা মতে।

জাজৰিৰ আব্দুল ইলহাম নামৰ ছাত্ৰগৰাকী দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈছিল।আঘাপ্ৰাপ্ত ছাত্ৰগৰাকীক ততাতৈয়াকৈ জাজৰিৰ দলংঘাট মহাত্মা গান্ধী আদৰ্শ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়, চিকিৎসকে ছাত্ৰগৰাকীৰ আঘাতপ্ৰাপ্ত স্থানত ঔষধৰ পৰিবৰ্তে ঢালি দিয়ে এচিড, লগে লগে ছাত্ৰগৰাকী চিয়ৰঁ বাখৰ আৰম্ভ কৰে আৰু আঘাত অধিক গুৰুতৰ হৈ পৰে। পৰিয়ালৰ সন্মুখত ছাত্ৰজনৰ মুৰত এচিড ঢালি দিয়া লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিয়ালটোৱে প্ৰতিবাদ কৰাত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে পৰিয়ালটোক পুলিচৰ ভয় ভাবুকি প্ৰদান কৰি স্বাস্থ্য কেন্দ্ৰৰ পৰা খেদি পঠিয়াই। উপায়ন্তৰ হৈ ভোক্তভোহী পৰিয়ালটোৱে ছাত্ৰগৰাকীক নগাওঁলৈ লৈ যায় আৰু চিকিৎসকে এচিড বুলি চিনাক্ত কৰে।ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে বৰিবজাৰ আৰক্ষী থানাত সমস্ত ঘটনা বিৱৰি এক এজাহাৰ দাখিল কৰে। ছাত্ৰগৰাকীৰ লগত স্বাস্থ্যকৰ্মীয়ে সংঘটিত কৰা এনে কাণ্ডৰ বিৰুদ্ধে অসমৰ স্বাস্থ্য মন্ত্ৰালয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া উল্লেখনীয় হব।

Read more

Local News