Saturday, November 23, 2024

চোৰাংচোৱা দলত আক্ৰমন চলোৱা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ।

Share

দুদিন পূৰ্বে মৰিগাঁও জিলা আৰক্ষীৰ এটা চোৰাংচোৱা দলত ড্ৰাগছ ব্যৱসায়ীয়ে আক্ৰমণ চলাইছিল। ঘটনাৰ সময়ত দলটোৰ মাজত আক্ৰমনাত্মক পৰিস্থিতিৰ সৃষ্টি হয় যাৰ ফলত পৰিবেশ উত্তপ্ত আৰু বিশৃংখল হৈ পৰে। ইতিমধ্যে এই আক্ৰমণৰ সৈতে জড়িত এগৰাকী মহিলাসহ তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অৱশ্যে মূল অভিযুক্ত ২০ বছৰীয়া ছাকাবো সেই সময়ত পলায়ন কৰিবলৈ সক্ষম হৈছিল।

মৈৰাবাৰীৰ লেংৰিবাৰী গাঁৱৰ এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ী হিচাপে চিনাক্ত হোৱা ছাকাবোয়ে আৰক্ষীৰ চোৰাংচোৱা বিষয়াগৰাকীৰ ওপৰত আক্ৰমণ চলাইছিল। প্ৰথম অৱস্থাত বন্দী হোৱাৰ পৰা হাত সাৰিলেও তেওঁ আৰক্ষীৰ চকুত চিনাক্ত হৈ পৰিছিল।

আজি আৰক্ষীৰ এই প্ৰচেষ্টা সফল হল,কিয়নো আৰক্ষীৰ আজিৰ এই মিছনত কুখ্যাত ড্ৰাগছ মাফিয়া ছফিকুল ইছলাম ওৰফে ছাকাবোক আৰক্ষীৰ দলটোৱে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তেওঁক বন্দী কৰাত অঞ্চলটোত ড্ৰাগছ সম্পৰ্কীয় অপৰাধ বহুখিনি দমন হব বুলি ৰাইজে একেমুখে স্বীকাৰ কৰিছে। সাকাবোক গ্ৰেপ্তাৰ কৰাৰ ফলত ড্ৰাগছ মাফিয়াৰ গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ লগতে মৰিগাঁও জিলা আৰু ইয়াৰ আশে-পাশে চলি থকা ড্ৰাগছ নেটৱৰ্ক ভাঙি পেলোৱাৰ ক্ষেত্ৰত বহু তথ্য লাভ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

Read more

Local News