Saturday, November 23, 2024

কিশোৰ সকলৰ ব্যক্তিগত ID Card নকল কৰি এজেণ্ট সকলৰ জৰিয়তে বয়স বঢ়াই বহি ৰাজ্যলৈ পঠিয়াওৱাৰ অভিযোগ সংগ্ৰাম পৰিষদৰ।

Share

আইনী ব্যৱস্থাৰে শিশু শ্ৰমিক ৰোধ কৰাৰ বাবে আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ নেতৃত্বত জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে ।

সংখ্যালঘু সংগ্ৰাম পৰিষদৰ অভিযোগ নগাঁও জিলাৰ বিভিন্ন এলেকাৰ লগতে জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ পৰা পৰা ১৮ বছৰৰ তলৰ নাবালক ল’ৰা সকলে প্ৰতিদিনেই শতাধিক ল’ৰা বাছ আস্থানৰ পৰা বহি ৰাজ্যলৈ কৰ্মসূত্ৰে গৈ আছে ৷

এই কিশোৰ সকলৰ ব্যক্তিগত ID Card নকল কৰি এজেণ্ট সকলৰ জৰিয়তে বয়স বঢ়াই বহি ৰাজ্যলৈ পঠিয়াওৱাৰ অভিযোগ সংগ্ৰাম পৰিষদৰ।

বিগত সময়ছোৱাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে শিশু শ্ৰমিক বন্ধ কৰাৰ বাবে বিভিন্ন ধৰণৰ অভিযান অব্যাহত ৰাখিছে ।

ইয়াৰ উপৰিও সমাজৰ অসামাজিক কাৰ্য্যকলাপ যেনে মদ, ভাং, জুৱা, ড্ৰাগছ তীৰ, নাৰী নিৰ্যাতন, বাল্যবিৱাহ ইত্যাদি কাৰ্য্যৰ বিৰূদ্ধে বিভিন্ন ধৰণৰ অভিযান অব্যাহত ৰাখিছে । যদিও সমাজৰ পৰা এইবোৰ অনৈতিক কাৰ্যবোৰ এতিয়াও সম্পূৰ্ণ শেষ হোৱা নাই।

সেয়ে বৰ্তমান প্ৰতিদিনেই বহি ৰাজ্যলৈ যোৱা শিশু শ্ৰমিক বন্ধ হোৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনাই স্মাৰক পত্ৰ প্ৰদান কৰে ।

Read more

Local News