আজি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস। আজিৰ দিনটো খেলুৱৈ সকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ লগত সংগতি ৰাখি আজি নগাঁৱত অসম অলিম্পিক সন্থাৰ উদ্যোগত কেন্দ্ৰীয়ভাবে অনুষ্ঠিত হয় আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস।
নগাঁৱৰ নুৰুল আমিন খেলপথাৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি অলিম্পিক দে ৰাণ (Olympic Day Run) ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰম সন্তোষ লয় নগাওঁ সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। উক্ত কাৰ্যসূচীত অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছা, অসম অলিম্পিক সংস্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, অসম চৰকাৰৰ ক্ৰীড়া সচিব কে জে হিল্লালী, অসম অলিম্পিক সংস্থাৰ কোষাধক্ষ্য তপন কুমাৰ দাস প্ৰমুখ্যে নগাঁও ক্ৰীড়া সংস্থাৰ বিষয় ববীয়া সকল, বিশিষ্ট অতিথি সকল আৰু খেলুৱৈ সকল, শুভাকাংখী ৰাইজ উপস্থিত থাকে।