Saturday, November 23, 2024

অসমৰ চাৰি সীমা নিৰ্ধাৰণৰ পিছত সমষ্টিৰ সন্দৰ্ভত ভোটাৰৰ মাজত সজাগতাৰ অভাৱ বুলি কংগ্ৰেছ নেতৃত্বই উল্লেখ কৰে।   

Share

গুৱাহাটী লোকসভা আসনৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে বৃহস্পতিবাৰে একাধিক নিউজ চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত উল্লেখ কৰে যে  এই সংসদীয় সমষ্টিত থকা বুথ লেভেল অফিচাৰ (বি এল অ) য়ে নিজৰ কৰ্তব্য পালন নকৰাৰ বাবে বিগত বৰ্ষৰ সীমা নিৰ্ধাৰণৰ কচৰৎৰ পিছতো এই সংসদীয় সমষ্টিৰ যথেষ্ট সংখ্যক ভোটাৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বিষয়ে ক্লুলেছ বা অজ্ঞাত হৈ তেওঁলোকৰ নিজৰ সমষ্টি আৰু ভোট গ্ৰহণ কেন্দ্ৰৰ বিষয়ে সঠিক বাবে গম পোৱা নাই।

গোস্বামীয়ে আই এন এছক জনায় যে তেওঁ বিভিন্ন সমষ্টি ভ্ৰমণ কৰি আহিছে আৰু পৰ্যবেক্ষণ কৰিছে যে সীমা নিৰ্ধাৰণৰ কচৰতে কেইটামান কথা সলনি হোৱাৰ বাবে বহু ভোটাৰ এতিয়াও নিজৰ লোকসভা সমষ্টি আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ বিষয়ে এতিয়াও  অজ্ঞাত হৈ আছে।

নিৰ্বাচন আয়োগে যোৱা বছৰ অসমত সীমা নিৰ্ধাৰণৰ অনুশীলন চলাইছিল যাৰ পিছত বিধানসভা আৰু সংসদীয় সমষ্টিৰ চাৰি সীমা পুনৰ অংকন কৰা হৈছিল যদিও মুঠ বিধায়ক আৰু সাংসদ আসনৰ সংখ্যা অপৰিৱৰ্তিত বা আগৰ দৰেই হৈ আছে।

কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰে যে  সীমা নিৰ্ধাৰণৰ অনুশীলনৰ পিছত এই পৰিৱৰ্তন সন্দৰ্ভত বিএলঅ’ই ভোটাৰলৈ সঠিকভাৱে তথ্য প্ৰেৰণ কৰা নাছিল বা যিমান সজাগতাৰ সৃষ্টি কৰিব লাগিছিল সিমানখিনি গুঅগ্ৰাধিকাৰ নিদিলে।

Read more

Local News