কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱালে ২৩ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি অষ্ট্ৰেলিয়া আৰু ভাৰত উভয়ৰে বিশিষ্ট মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে যোগাযোগ স্থাপন কৰাৰ লগতে দ্বিপাক্ষিক অৰ্থনৈতিক সংযোগ বৃদ্ধিৰ বাবে ভাৰতত বিনিয়োগৰ সুযোগ বিচাৰি উলিওৱাৰ কথা। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি অষ্ট্ৰেলিয়াৰ বাণিজ্য আৰু পৰ্যটন মন্ত্ৰী চিনেটৰ ডন ফেৰেলৰ আমন্ত্ৰণত এই ভ্ৰমণলৈ আহিছে মন্ত্ৰীগৰাকীয়ে।
২৫ ছেপ্টেম্বৰত এডিলেইডত অনুষ্ঠিত হ’বলগীয়া ১৯ সংখ্যক ভাৰত-অষ্ট্ৰেলিয়া যুটীয়া মন্ত্ৰী আয়োগৰ বৈঠকৰ সময়ত মন্ত্ৰী গোৱালে মন্ত্ৰী ফাৰেলৰ সৈতে একেলগে কাম কৰিব, য’ত দুয়োপক্ষই দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ পদ্ধতিৰ সন্ধান কৰিব। বাণিজ্য মন্ত্ৰীয়ে অষ্ট্ৰেলিয়া আৰু ভাৰতৰ বিশিষ্ট মুখ্য কাৰ্যবাহী বিষয়া আৰু উদ্যোগৰ নেতাসকলৰ লগতে অষ্ট্ৰেলিয়াৰ পেঞ্চন পুঁজিৰ প্ৰতিনিধিৰ সৈতে যোগাযোগ কৰি ভাৰতত উপলব্ধ বিস্তৃত বিনিয়োগৰ সুযোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।
মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি অষ্ট্ৰেলিয়াৰ বিজনেছ কাউন্সিল, চেণ্টাৰ ফৰ অষ্ট্ৰেলিয়া-ইণ্ডিয়া ৰিলেচনছ, ইণ্ডিয়া অষ্ট্ৰেলিয়া বিজনেছ কমিউনিটি এলায়েন্স, এছিয়ালিংক বিজনেছ, আৰু ক্ৰেডাইয়ে ব্যৱসায় আৰু উদ্যোগ খণ্ডৰ নেতাসকলৰ সৈতে এই বিনিময়ৰ আয়োজন কৰিছে। আলোচনাৰ লক্ষ্য হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ অৰ্থনীতিৰ মাজত পৰিপূৰক শক্তি আৰু সহযোগিতা সৃষ্টি কৰা।
ছিডনীৰ গতিশীল ভাৰতীয় সম্প্ৰদায়ৰ প্ৰতিনিধি, ভাৰতীয় বংশৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট, আৰু বিভিন্ন পৰ্যায়ৰ ভাৰতীয় প্ৰব্ৰজনকাৰীৰ ভিতৰত উদীয়মান নেতাসকলৰ সৈতেও মন্ত্ৰীগৰাকীয়ে যোগাযোগ কৰিব।
বিশেষকৈ দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্যিক চুক্তি সম্পূৰ্ণ হোৱাৰ পিছত এই ভ্ৰমণে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত শক্তিশালী আৰু সম্প্ৰসাৰিত বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক বৃদ্ধি কৰিব বুলি মন্ত্ৰালয়ে উল্লেখ কৰে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত (সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত) দ্বিপাক্ষিক বাণিজ্যই ৪৮ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে আৰু আগন্তুক পাঁচ বছৰৰ ভিতৰত প্ৰায় ১০০ বিলিয়ন ডলাৰ হ’ব বুলি আশা কৰা হৈছে।
মন্ত্ৰীগৰাকীয়ে ‘মেক ইন ইণ্ডিয়া’ আৰু ‘ফিউচাৰ মেড ইন অষ্ট্ৰেলিয়া’ পদক্ষেপৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব, যাৰ লক্ষ্য হৈছে দুয়োখন দেশৰ ব্যক্তিসকলৰ বাবে অধিক চাকৰি আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰা। মন্ত্ৰালয়ে কয় যে এই ভ্ৰমণ বিশেষভাৱে সময়োপযোগী সময়ত আহিছে, কিয়নো ভাৰত আৰু অষ্ট্ৰেলিয়াই দ্বিপাক্ষিকভাৱে আৰু জি-২০ আৰু কোৱাডৰ দৰে বিভিন্ন মঞ্চত নিজৰ সংযোগ তীব্ৰতৰ কৰি তুলিছে যাতে বিশ্বৰ মংগলৰ বাবে একেলগে কাম কৰিব পাৰে।
বিভিন্ন ডিজিটেল প্লেটফৰ্ম, ৱেবছাইট, সাংবাদিক, আৰু সংস্থাৰ পৰা বাতৰি সংগ্ৰহ।