Saturday, November 23, 2024

নগাঁৱৰ ভুগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চুৰিকাণ্ডৰ ঘটনা সংঘটিত।

Share

নগাঁৱৰ ভুগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। উল্লেখ্য যে চিকিৎসালয়খনৰ অ এছ টি চেণ্টাৰৰ পৰা প্ৰায় ৫৯৯৯ টকাৰ ঔষধ সামগ্ৰী চুৰি হোৱাৰ লগতে এখন কম্পিওটাৰ চুৰে চুৰি কৰি উধাও হয়। লক্ষ্যনীয় বিষয়টো হল যে চিকিৎসালয়খনত চি চি কেমেৰা থকাৰ সত্বেও কেনেকৈ জীৱনদাইনী ঔষধ চুৰি হবলৈ পালে এইয়া বৰ্ত্তমান ৰহস্যৰ আৱৰ্তত। তাৰোপৰি চিকিৎসালয়খনত আৰক্ষী পহৰা চকীৰ থকাৰ স্বত্তেও কেনেকৈ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হবলৈ পালে সেইয়াও ৰহস্যৰ আৱৰ্তত।

Read more

Local News