Saturday, November 23, 2024

নগাঁও চহৰৰ নলা নৰ্দমাৰ জৰিয়তে বৈ যোৱা দূষিত পানী বিশুদ্ধ কৰণ কৰি কলঙত পেলোৱাৰ উদ্দেশ্যে নগাঁৱত এচ টি পি (Sewage Treatment plant) প্ৰকল্পৰ ব্যৱস্থা কৰা হৈছে।

Share

নগাঁও চহৰৰ নলা নৰ্দমাৰ জৰিয়তে বৈ যোৱা দূষিত পানী বিশুদ্ধ কৰণ কৰি কলঙত পেলোৱাৰ উদ্দেশ্যে নগাঁৱত এচ টি পি (Sewage Treatment plant) প্ৰকল্পৰ ব্যৱস্থা কৰা হৈছে। এই এচ টি পি প্ৰকল্পত নলা, নৰ্দমাৰ দূষিত পানী প্ৰদূষণ মুক্ত কৰি কলঙত পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইতিমধ্যে নগাঁও চহৰৰ জেইল পথত (আইন মহাবিদ্যালয়ৰ সমীপত) এচ টি পি প্ৰকল্পৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। অতি কম দিনৰ ভিতৰতে উক্ত প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হৈ উঠিব। প্ৰায় সম্পূৰ্ণ হৈ উঠা প্ৰকল্পটোত আজি উপস্থিত হৈ সামগ্ৰীক পৰিবেশ পৰ্যবেক্ষণ কৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । শীঘ্ৰেই এই প্ৰকল্পটো শুভ উদ্বোধন কৰা হ’ব। আশাকৰা মতে নগাঁও চহৰৰ বিভিন্ন স্থানৰ পৰা অহা আবৰ্জনা ময় দূষিত পানী বিশুদ্ধ কৰণৰ জৰিয়তে কলংখন প্ৰদুষণ মুক্ত হ’ব আৰু ইয়াৰ জৰিয়তে জনসাধাৰণো উপকৃত হ’ব।

Read more

Local News