Saturday, November 23, 2024

ধিঙৰ জঘন্য ঘটনাৰ সকলো দোষীক মৃত্যুদণ্ডৰ দাবী

Share

বেবেজীয়া, 24 আগষ্ট : কলিকতাৰ জঘন্য ঘটনাৰ শোক মাৰ নৌ-যাওঁতেই নগাঁৱৰ ধিঙৰ যি নাবালিকাক ধৰ্ষণ কাণ্ড, এই কাণ্ডই সমগ্ৰ ৰাজ্যকে জোঁকাৰি গৈছে । এই জঘন্য কাণ্ডৰ সৈতে জড়িত দোষীক কঠোৰতকৈয়ো কঠোৰ শাস্তি প্ৰদানৰ দাবীত আজি সন্ধিয়া নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী জামুগুৰিৰ শ্বহীদ মনবৰ নাথ স্মৃতি উদ্যানত সদৌ অসম নাথ নাথ-যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মহিলা কোষ সমিতি আৰু নগাঁও জিলা নাথ-যোগী ছাত্ৰ সন্থাৰ উদ্যোগত ধিঙৰ বৰ্বৰ কাণ্ডৰ প্ৰতিবাদত পাঁচ শতাধিক মহিলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । হাতত জোৰ লৈ প্ৰতিবাদী সকলে জঘন্য ঘটনাৰ সৈতে জড়িত সকলোকে মৃত্যু দণ্ডৰে দণ্ডিত কৰিবলৈ আহ্বান জনায় । তাৰোপৰি নাৰী সকলৰ সুৰক্ষাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দৃঢ় পদক্ষেপ লোৱাৰো দাবী উত্থাপন কৰে ।

প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম নাথ নাথ-যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মহিলা কোষৰ সম্পাদিকা নিশিতা নাথ, নগাঁও জিলা নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি জ্যোতি প্ৰসাদ হাজৰিকা, সম্পাদক প্ৰশান্ত নাথ, উপ-সভাপতি সন্তোষ শিৱম নাথ, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পাপু ৰাজ যোগী, মহিলা কোষৰ প্ৰচাৰ সম্পাদিকা মমিতা নাথকে প্ৰমূখ্য কৰি সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মহিলা কোষ সমিতি আৰু নগাঁও জিলা নাথ – যোগী ছাত্ৰ সন্থাৰ বহু বিয়ষ-ববীয়া, কৰ্মীৰ লগতে বৃহত্তৰ জামুগুৰিৰ অঞ্চলৰ ৰাইজ উপস্থিত থাকে ।

Read more

Local News