Saturday, November 23, 2024

চেৰাপুঞ্জীৰ গান্ধী শিল্প বজাৰৰ প্ৰচাৰ অভিযান অব্যাহত।

Share

ৰূপহীহাট, ৩ জুলাই – ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনস্থ হস্তশিল্প উন্নয়ন আয়ুক্তৰ কাৰ্যালয়ৰ অনুমোদনেৰে চেৰাপুঞ্জীৰ ভিনটেজ গ্ৰেণ্ডত ১ জুলাইৰ পৰা ৭ জুলাইলৈ অনুষ্ঠিত হৈ থকা গান্ধী শিল্প বজাৰৰ প্ৰচাৰ কাৰ্য্য অব্যাহত ৰাখিছে নগাঁওস্থিত বেচৰকাৰী সংস্থা প্ৰতীক্ষাই । এই অনুষ্ঠানৰ লক্ষ্য হৈছে স্থানীয় হস্তশিল্প শিপিনীসকলক প্ৰচাৰ আৰু হস্তনিৰ্মিত সামগ্ৰীসমূহ বিক্ৰীত সহায় কৰা । প্ৰতীক্ষাই দৰ্শনাৰ্থীক আকৰ্ষণ কৰিবলৈ ব্যাপক প্ৰচাৰমূলক কাম-কাজ হাতত লৈছে ।

চেৰাপুঞ্জীৰ বিভিন্ন দৃশ্যপটত পৰ্যটকক প্ৰচাৰ পত্ৰিকা, ব্ৰ’চাৰ আৰু পমফ্লেট বিতৰণ কৰা দেখা গৈছে । ইয়াৰ উপৰিও তেওঁলোকে চহৰা চৰকাৰী মহাবিদ্যালয়, চহৰা মাৰ্কেট প্লেচ, পঞ্জাৱ নেচনেল বেংক, পেট্ৰল পাম্প, ৰাম কৃষ্ণ মিছন আশ্ৰম, ছেইণ্ট জনছ বালক উচ্চতৰ মাধ্যমিক স্কুল, ছেইণ্ট জনছ ছোৱালী উচ্চতৰ মাধ্যমিক স্কুল, ডায়েট, পি. ডব্লিউ. ডি. ইঞ্জিনিয়াৰ অফিচ, বিখ্যাত চেভেন চিষ্টাৰছ জলপ্ৰপাত, নকালিকাই জলপ্ৰপাত আদি বিশিষ্ট স্থানত হৰ্ডিং, ফ্লেক্স আৰু পোষ্টাৰ স্থাপন কৰা দেখা গৈছে ।

আয়োজকসকলে জনসাধাৰণক বজাৰখন ভ্ৰমণ কৰি হাতেৰে নিৰ্মিত সামগ্ৰী ক্ৰয় কৰি শিপিনীসকলক সহায় কৰিবলৈ আহ্বান জনাইছে, যাৰ ফলত এই দক্ষ শিপিনীসকলক প্ৰেৰণা আৰু উৎসাহিত কৰা হৈছে। গান্ধী শিল্প বজাৰে শিপিনীসকলক তেওঁলোকৰ শিল্পকৰ্ম প্ৰদৰ্শনৰ বাবে এক মঞ্চ প্ৰদান কৰাই নহয়, পৰম্পৰাগত শিল্পকলা সংৰক্ষণ আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰৰ ক্ষেত্ৰতো সহায় কৰে।

তৈয়াবুৰ ৰহমান, ৰূপহীহাট

৮৪৮৬০২৪২৫৬

Read more

Local News