Saturday, November 23, 2024

খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ পুষ্টিহীনতা আৰু ৰক্তহীনতা সন্দৰ্ভত বৃহৎ সজাগতা সভা।

Share

নগাঁও জিলাৰ খাগৰিজান শিশু উন্নয়ন প্ৰকল্পৰ অধীনত আজি দিনজোৰা কাৰ্যসূচীৰে ভকতগাঁও, ৰঙা গঢ়াহুজ, বৰভেটি আৰু ৰাদঙীয়া চাৰ্কোলৰ এলেকাধীন অংগনাবাড়ি কৰ্মীসকলৰ এখনি বৃহৎ সজাগতা সভা অনুস্থিত হয়। গৰ্ভৱতী মহিলা, কিশোৰী আৰু প্ৰসূতি সকলৰ ৰক্তহীনতা আৰু পুষ্টিহীনতাৰ ওপৰত ভাৰত চৰকাৰৰ অভিলাসী আঁচনিৰ ওপৰত কৰ্মীসকলৰ মাজত ব্যাপক সজাগতা বৃদ্ধিৰ লক্ষ্যৰে সভাত আলোচনা কৰা হয়।

চিলঙনী মোক্তাব বিদ্যালয়ৰ প্ৰধান শিক্ষক মুছলিম উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ সভাত বুঢ়াগোহাঁই থান প্ৰাথমিক স্বাস্থ্য কেন্দৰ চিকিৎসক ডাঃ পংকজ জ্যোতি বৰুৱাই আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি পুষ্টিহীনতা আৰু ৰক্তহীনতা প্ৰতিৰোধ কৰিবলৈ হলে প্ৰাকৃতিক আৰু ঘৰুৱা বাবে উৎপাদিত কেচা শাক-পাচলি খাদ্য হিচাপে গ্ৰহণ কৰিব লাগে। অনুষ্ঠানত চিকিৎসক ডাঃ চিজদাতুৰ ৰহমানে লিখা পঢ়াৰ লগতে কিশোৰী আৰু মাতৃ সকলক পুষ্টিকাৰক আহাৰ খাবলৈ দিয়া উচিত বুলি মন্তব্য কৰে। সভাত মূখ্যসেৱিকা ৰুলীমণি শইকীয়া আৰু পিংকী বৰাই পুষ্টিকাৰক খাদ্য সম্ভাৰৰ প্ৰাসংগিক গীত গাই সকলোকে মুগ্ধ কৰি তোলা দেখা যায়। জিলাখনৰ অন্তৰ্গত বিভিন্ন চাৰ্কোলৰ মূখ্য সেৱিকা ক্ৰমে বৰ্নালী বৰা,লয়না মজুমদাৰ,মাধন দাস, পৰি গুপ্ত বৰা,গায়ত্ৰী বৰঠাকুৰ,গীতা দাস,অৰুণাময় দাস আৰু পোষণ চিংকী বৰাকে আদি কৰি বাৰ গৰাকী কৈ মূখ্য সেৱিকাই পুষ্টিহীনতা আৰু ৰক্তহীনতা সন্দৰ্ভত বিস্তৃত বাখ্যা দাঙি ধৰে।সভাৰ লগত সংলগ্ন ৰাখি ৰক্তহীনতাৰ এটি সজাগতা কেম্প অনুষ্ঠিত হোৱা দেখা যায়। সভাত জেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা, হয়বৰগাঁও প্ৰেছ ক্লাবৰ সম্পাদক সাংবাদিক মোস্তাফা কামাল,শিক্ষক চাইফুল ইছলাম উপস্থিত থাকে।

Read more

Local News